‘আমি একেলগে হাঁহিছো আৰু একেলগেই কান্দিছো’ – পিতৃৰ মৃত্যুৰ পাছত মাতৃ নিতু কাপুৰৰ কাষত ৰিদ্ধিমা

neetu kapoor 62th birthday special

বলিউডৰ জনপ্রিয় অভিনেত্ৰী নিতু কাপুৰে জীয়ৰী ৰিদ্ধিমা সাহনীৰ জন্মদিনত ছ’চিয়েল মিডিয়াত এখন ফটো শ্বেয়াৰ কৰে । লগতে কেপচনত লিখে ,’তাইৰ দৰে আৰু কোনো হ’ব নোৱাৰে ‘ । লগতে নিতু কাপুৰে কয় যে তেওঁৰ স্বামী ঋষি কাপুৰৰ মৃত্যুৰ পাছৰ পৰাই ৰিদ্ধিমাই প্ৰতিক্ষণে মাকৰ কাষত আছে ।

ইনষ্টাগ্ৰামত আকৌ নিতু কাপুৰে লিখে, ‘মোৰ মনত তাই এতিয়াও অকণমানি ছোৱালী । কিন্তু যোৱা কেইমাহমানৰ পৰা তাই মোৰ বাবে যি কৰিছে সেয়া সঁচাকৈয়ে মোৰ বাবে আশ্চৰ্যকৰ । প্ৰতিটো সময়তে মোৰ যত্ন লৈছে । আমি যদি একেলগেই হাঁহিছো কেতিয়াবা আকৌ একেলগেই কান্দিছোঁ ।একেলগেই খেলিছো ‘scrabble’

ৰিদ্ধিমায়ো মাকৰ প’ষ্টটোৰ কমেণ্টত লিখে ,” Love you mostest ma.”
লগতে মাতৃৰ লগত একেলগে উঠা ফটো ও ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে ৰিদ্ধিমা ই ।

লগতে কেপচনত লিখে , ” Love & only love” ৪০ বর্ষত ভৰি দিয়া ৰিদ্ধিমাৰ জন্ম দিনত মাতৃ নিতু কাপুৰে এটা বিশেষ ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰে । ভিডিঅ’টোত নিতু কাপুৰে ৭০ দশকৰ জনপ্ৰিয় গীত ‘বাত বন জায়ে’ এই গীতটোত নৃত্য কৰি থকা দেখা গৈছে । লগতে ভিডিঅ’টোত ৰনবীৰ কাপুৰ, আলিয়া ভাটৰ লগতে তেওঁলোকৰ পৰিয়ালৰ কে’বা গৰাকীও ব্যক্তিক দেখা গৈছে।

Exit mobile version