কংগনাৰ কাৰ্যালয়ত উচ্ছেদ চলাই বিপাঙত BMC

bmc

বলীউডৰ অভিনেত্ৰী কংগনা ৰণৌটে তেওঁৰ কাৰ্যালয়ত BMCয়ে বুলড’জাৰ চলাই যি ক্ষতিসাধন কৰিলে তাৰ পৰিপ্ৰেক্ষিতত অভিনেত্ৰীগৰাকীয়ে ক্ষতিপূৰণ হিচাপে ২ কোটি টকা দাবী কৰিছে ৷ এক বিশেষ সূত্ৰৰ মতে কংগনাই ইয়াৰ কাৰণে BMCক ন’টিছ দিছে ।

ইপিনে ৮ ছেপ্টম্বৰত BMCয়ে কংগনাৰ কাৰ্যালয়ত ন’টিছ লগাইছিল ৷ লগতে অবৈধ নিৰ্মাণৰ সন্দৰ্ভত ২৪ ঘন্টাৰ ভিতৰত কংগনাৰ পৰা উত্তৰ বিচাৰিছিল BMCয়ে । কিন্তু ৯ ছেপ্টেম্বৰত কংগনা মুম্বাইত উপস্থিত হোৱাৰ আগেয়ে BMCয়ে কংগনাৰ কাৰ্যালয়ত উচ্ছেদ চলায় ।

ইয়াৰ পাছত কংগনাই উচ্চ ন্যায়ালয়ত কৰা আবেদনৰ পাছতে ন্যায়ালয়ে BMCক উচ্ছেদ স্থগিত কৰিবলৈ আদেশ দিয়ে ৷ কিন্তু ন্যায়ালয়ৰ নিৰ্দেশ পোৱালৈকে কংগনাৰ কাৰ্যালয়টোৰ ৪০ শতাংশই ধ্বংস কৰিছিল BMC য়ে ।

উল্লেখযোগ্য যে, বিগত সময়ত কংগনাই মায়ানগৰী মুম্বাইক পাকিস্তানৰ লগত তুলনা কৰিছিল । ইয়াৰ পিছত BMC য়ে শিৱসেনাৰ ইংগিতত কংগনাৰ কাৰ্যালয়টো অবৈধ বুলি উচ্ছেদ চলায় । অৱশ্যে পাছত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত BMCয়ে এই উচ্ছেদ স্থগিত ৰাখে ।

ইয়াৰ পাছতেই কংগনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক কটু মন্তব্যৰে সমালোচনা কৰে । আনকি মুখ্যমন্ত্ৰী থাকৰেক “তই” বুলি ক’বলৈও আপোচ নকৰিলে কংগনাই । তাৰ মাজতে উদ্ধৱ থাকৰেই কয় “মোৰ নিৰৱতাক দুৰ্বলতা বুলি ভাবিব নালাগে।” গতিকে কংগনা আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত এই বাক বিতণ্ডাই অনাগত দিনত কি ৰূপ লয় সেইয়া হ’ব লক্ষ্যণীয় ৷

আনহাতে মুম্বাইত পাঁচদিন থকাৰ পিছত জ্যেষ্ঠ ভগ্নী ৰংগোলীৰ লগত সোমবাৰে কংগনা উপস্থিত হয়গৈ গৃহ চহৰ হিমাচল প্ৰদেশত  ৷ ৯ ছেপ্টেম্বৰত কংগনা মুম্বাইত উপস্থিত হৈছিল৷ আজি কংগনা নিজৰ গৃহ চহৰলৈ যাওঁতে মহাৰাষ্ট্ৰ চৰকাৰক উদ্দেশ্য কৰি পাঁচটা টুইট কৰে । শিৱসেনাৰ ভাবুকিকো উপেক্ষা কৰি কেইদিনমান পূৰ্বে মুম্বাইত উপস্থিত হৈছিল কংগনা ৰণৌট ৷

ইয়াৰ পাছতেই মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতেই কংগনা সন্মুখীন হ’বলগীয়া হৈছিল শিৱ সেনাৰ সমৰ্থকৰ প্ৰতিবাদৰ সন্মুখীন হৈছিল । মহাৰাষ্ট্ৰ চৰকাৰ আৰু শিৱসেনাৰ সৈতে তীব্ৰ বাক-বিতণ্ডা মাজতে দেওবাৰে বিয়লি মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোছিৱাৰিক সাক্ষাৎ কৰে অভিনেত্ৰী কংগনা ৰণৌটে ।

ৰাজ্যপাল ভগত সিং কোছৱাৰীৰ সৈতে প্ৰায় ৪৫মিনিট ধৰি বাৰ্তালাপ কৰে অভিনেত্ৰীগৰাকীয়ে । এই সময়চোৱাত অভিনেত্ৰীগৰাকীয়ে ৰাজ্যপালৰ সন্মুখত বিগত সময়ত সন্মুখীন হোৱা অসুবিধাৰ সন্দৰ্ভত অৱগত কৰে। কংগনাই কয় “মই বহু সৌভাগ্যশালী ৷ কাৰণ ৰাজ্যপালে নিজৰ কন্যাৰ নিচিনাকৈ সকলো কথা শুনিছে আৰু মই আশা কৰিম মই ন্যায় পাম ।”

Exit mobile version