গোলাঘাটত ক’ভিদত আক্ৰান্ত হৈ এজনৰ মৃত্যু

গোলাঘাটত ক’ভিদৰ ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে । আজি নিশা ক’ভিদ-১৯ত আক্ৰান্ত হৈ কৰুণ মৃত্যুক আকোৱালি লয় গোলাঘাট নগৰৰ এজন ব্যক্তিৰ । মৃত্যু হোৱা ব্যক্তিজনৰ নাম কিশোৰ ঘোষ । গোলাঘাট ষ্টেচন ৰোড, বেত মহলৰ প্ৰায় ৪৫ বছৰ বয়সীয়া ব্যক্তিজন জ্বৰ-কাঁহত ভোগাৰ পাচত আজি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত কৰা পৰীক্ষাত দেহত ক’ভিদ-১৯ ধৰা পৰে ।

উশাহ-নিশাহত কষ্ট পাই থকা কিশোৰ ঘোষক অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ যো-জা চলাই থকা অৱস্থাতে আজি নিশা মৃত্যুক আকোৱালি লয় । উল্লেখ্য যে, গোলাঘাট জিলাত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ক’ভিদ আক্ৰান্তৰ সংখ্যা । জিলাখনত বহুজনে কৰুণ মৃত্যুক আকোৱালি লোৱাৰ ভয়াবহ পৰিৱেশৰ পাছতো যেন একাংশ লোকৰ এতিয়াও ভ্ৰক্ষেপ নাই ।

সামাজিক দূৰত্ব, মাক্স পৰিধান আদি গৌণ হৈ পৰিছে একাংশ লোকৰ বাবে । যাৰ বাবে আগন্তুক দিনত অধিক সংক্ৰমণেৰে জিলাখনত অশনি সংকেত কঢ়িয়াই অনাৰ আশংকা ব্যক্ত কৰিছে সচেতন মহলে ।

উল্লেখ্য যে, গোলাঘাট জিলাত ক’ভিদ আক্ৰান্ত হৈ এই পৰ্যন্ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ২৯ জন, ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ১ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ১ জন লোকৰ ক’ভিদত আক্ৰান্ত হৈ মৃত্যু হৈছে । বৰ্তমান জিলাখনত পজিটিভ ৰোগীৰ সংখ্যা ৬৯৭ গৰাকী ।

আনহাতে, গোলাঘাট জিলাত মুঠ আক্ৰান্তৰ সংখ্যা ৫,২৯৯ জনলৈ বৃদ্ধি হৈছে ৷ এই পৰ্যন্ত ৪,৫৭৩ গৰাকী ৰোগী সুস্থ হৈ উঠিছে । আজি জিলাখনত নতুনকৈ আক্ৰান্ত হৈছে ১১৪ গৰাকী লোক। শেহতীয়াভাৱে ক’ভিদৰ ভয়াবহতাই আতংকিত কৰি তুলিছে গোলাঘাট জিলাবাসীক ।

Exit mobile version