চীনৰ কোপদৃষ্টিত ক’ৱিন্দ, মোদী, ছোনিয়াসহ ১০ হেজাৰ গুৰুত্বপূৰ্ণ ভাৰতীয় ব্যক্তি

Screenshot 96

দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীকে ধৰি ১০ সহস্ৰাধিক প্ৰভাৱশালী ভাৰতীয় ব্যক্তি এতিয়া চুবুৰীয়া চীনৰ লক্ষ্য হৈ পৰিছে । মন কৰিবলগীয়া যে চীনৰ চোৰাংচোৱাগিৰিৰ বাবে ইতিমধ্যে খৰ্গগ্ৰস্ত হৈ উঠিছে আমেৰিকা । ৰাষ্ট্ৰখনত চীনা যুৱক যুৱতীয়ে গৱেষকৰ ভাও জুৰি চোৰাংচোৱা বৃত্তিত জড়িত থকা বুলি গুৰুতৰ অভিযোগ কৰি আমেৰিকাই ইতিমধ্যে চীনা দূতাবাস বন্ধ কৰি দিছে।

ADVERTISEMENT

একেদৰে প্ৰত্যুত্তৰত চীনত আমেৰিকাৰ দূতাবাস বন্ধ কৰা হৈছে । চীনৰ এই চোৰাংচোৱাগিৰি সম্প্ৰতি উদ্বেগজনকভাৱে ভাৰতলৈ প্ৰসাৰিত হৈছে । চীনৰ চৰকাৰৰ আৰু কমিউনিষ্ট পাৰ্টিৰূপে যোগাযোগ থকা ছেনজেনৰ এটা টেকন’লজি কোম্পানীয়েহ “হাইব্ৰিড ৱাৰফেয়াৰ”ৰ বাবে গোপনে তথ্য সংগ্ৰহ কৰি থকাৰ বিষয়টো ফাদিল হয় ।

চীনা চৰকাৰ আৰু কমিউনিষ্ট পাৰ্টিৰ স’তে যোগাযোগ থকা এই কোম্পানীটোৱে কমেও এহেজাৰ ভাৰতীয় লোক আৰু সংস্থাৰ ওপৰত দৃষ্টি ৰাখিছে ৷ বিশ্বজুৰি এইদৰে ডাটাৱেছ প্ৰস্তুত কৰা কোম্পানীটোৰ “বিদেশী লক্ষ্য”ত আছে ১০ সহস্ৰাধিক ভাৰতীয় । চীনৰ বিদেশী লক্ষ্যৰ তালিকাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আদিৰ লগতে আছে মমতা বেনাৰ্জী, আশোক গেহলটৰ পৰা আৰম্ভ কৰি অমৰৰিন্দৰ সিং,উদ্ধৱ থাকৰে, নবীন পাটনায়ক, শিৱৰাজ সিং চৌহান আদিৰ দৰে মুখ্যমন্ত্ৰীসকল ৷

ইয়াৰ উপৰি আছে কেবিনেট মন্ত্ৰী ৰাজনাথ সিং, ৰবিশংকৰ প্ৰসাদ, নিৰ্মলা সীতাৰমণ, স্মৃতি ইৰাণী আদি৷তদুপৰি আছে বিপিন ৰাওট, নৌসেনা আৰু বায়ু সেনাৰ প্ৰাক্তন মুৰব্বী, দেশৰ মুখ্য ন্যায়াধীশ স্বাৰদ বব’ডে, এ এম খান উইলকাৰ, লোকপালৰ ন্যায়াধীশ পি ভি ঘোষ আৰু দেশৰ মহাধিবক্তা ডি চি মুম্ম, নিপুন মেহেৰা,ৰতন টাটা আৰু গৌতম আদৱানিৰ লগত বহু বৃহৎ উদ্যোগী ।

গতিকে বিভিন্ন ক্ষেত্ৰৰ ভাৰতীয়ৰ ওপৰত চীনে দৃষ্টি নিৱদ্ধ কৰিছে ৷ শেনজেনৰ এটা টেকন’লজি কোম্পানী চীনৰ চৰকাৰ আৰু কমিউনিষ্ট পাৰ্টিৰ স’তে যোগসূত্ৰ ৰক্ষা কৰি ভাৰতীয়ক লক্ষ্য কৰি লৈছে।

Exit mobile version