চৰকাৰৰ ওচৰত নাই তলাবন্ধত মৃত্যু হোৱা শ্ৰমিকৰ পৰিসংখ্যা

0Shramik Special trains

তলাবন্ধৰ ফলত দেশত মৃত্যু হোৱা শ্ৰমিকৰ পৰিসংখ্যাক লৈ পুনৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোদী চৰকাৰক কটাক্ষ কৰিছে । ৰাহুলে আজি টুইটাৰ যোগে মোদী চৰকাৰক উদ্দেশ্যি টুইট কৰে “তলাবন্ধত কিমান শ্ৰমিকৰ মৃত্যু হ’ল আৰু কিমানৰ চাকৰি গ’ল মোদী চৰকাৰে নাজানে ৷”

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সদৰী কৰিছে যে তলাবন্ধত কিমান শ্ৰমিকৰ মৃত্যু হ’ল সেয়া চৰকাৰে নাজানে ৷ তাৰ পৰিপ্ৰেক্ষিতত ৰাহুলে চৰকাৰক উদ্দেশ্য কৰি এই মন্তব্য কৰে । কাৰণ কৰ’না প্ৰতিৰোধৰ কাৰণে দিয়া তলাবন্ধত কিমান শ্ৰমিকৰ মৃত্যু হ’ল আৰু কিমানে চাকৰি হেৰুৱালে সেই সম্পৰ্কে সংসদত তথ্য নাই বুলি সদৰী কৰে চৰকাৰে ।

ইপিনে সংসদৰ প্ৰথম দিনটোত সাংসদসকলে তলাবন্ধৰ সময়ত মৃত্যু হোৱা বা চাকৰি হেৰুৱাৰ শ্ৰমিকৰ সংখ্যা জানিব বিচাৰে যদিও চৰকাৰে কয় যে এনেধৰণৰ পৰিসংখ্যা ৰেকৰ্ড কৰা নহয় ।

উল্লেখযোগ্য যে NGO “Save Life” ৰ মতে ২৪ মাৰ্চৰ পৰা ২ জুনলৈকে ১৯৮ জন শ্ৰমিকৰ মৃত্যু হয় । NGOটোৰ মতে ৩ টা বৃহৎ দুৰ্ঘটনাত ৪৮ জন শ্ৰমিকৰ মৃত্যু হয় । ১৬মে’ত উত্তৰ প্ৰদেশৰ ট্ৰাক দুৰ্ঘটনাত ২৪ জন শ্ৰমিকৰ মৃত্যু হয় ।

১৪ মে’ত মধ্যপ্ৰদেশৰ গুনাত ট্ৰাক আৰু বাছৰ সংঘৰ্ষত ৮ জন শ্ৰমিকৰ মৃত্যু হয় । আনহাতে একেদিনাই অৰ্থাৎ ১৪মে’ত মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত ট্ৰেইনৰ চেপাত ১৬ জনকৈ শ্ৰমিকৰ মৃত্যু হয় ।

Exit mobile version