তলাবন্ধত পুৰুষৰ তুলনাত অধিক কৰ্মহীন হ’ল মহিলা

d9170b51a5f2e5f6bda5396d5396d312

কৰ’না ভাইৰাছৰ সংক্রমণ প্রতিৰােধৰ বাবে সমগ্র দেশত যােৱা ২৪ মাৰ্চৰ পৰা ২১ দিনৰ তলাবন্ধ ঘােষণা কৰা হৈছিল। পাছত কমেও পাঁচমাহ দেশত তলাবন্ধ বাহাল থাকে। ইয়াৰ ফলত দেশত নিবনুৱাৰ হাৰ ২০ শতাংশ বৃদ্ধি পায়। মুম্বাইৰ অর্থনৈতিক গৱেষণা প্রতিষ্ঠান চেণ্টাৰ ফ’ৰ মণিটৰিং ইণ্ডিয়ান ইকনমি (চি এম আই ই)ৰ শেহতীয়া সমীক্ষাত এই তথ্য প্রকাশ পাইছে ।

চি এম আই ইৰ প্রতিবেদনৰ তথ্য অনুসৰি তলাবন্ধৰ প্ৰভাৱত দেশত পুৰুষৰ তুলনাত মহিলাসকল অধিক কর্মহীন হয় । ২০ খন ৰাজ্যৰ অসংগঠিত খণ্ডত কৰ্মৰত ৩২২১ মহিলাক সামৰি চলােৱা এই সমীক্ষাৰ পৰা স্পষ্ট হৈছে যে কৰ’না মহামাৰী আৰু তলাবন্ধই দেশৰ কৰ্মৰত মহিলাসকলক সর্বাধিক ক্ষতিগ্রস্ত কৰিলে ।

৫১.৬ শতাংশ মহিলাই সমীক্ষাত প্রকাশ কৰা মতে, তলাবন্ধৰ সময়ছােৱাত তেওঁলােকে বেতন লাভ কৰা নাছিল । যােৱা মে’-জুনত এই সমীক্ষাতাে চলােৱা হৈছিল । একচন এইডৰ সমীক্ষাত পােহৰলৈ অহা তথ্য অনুসৰি তলাবন্ধৰ ফলত মানুহৰ ঘৰত পৰিচাৰিকা হিচাপে কাম কৰা মহিলাসকলৰ ৮৫ শতাংশই কর্মসংস্থাপন হেৰুৱায় । যােৱা মে’ৰ সময়ছােৱাত অসংগঠিত খণ্ডত জড়িত দেশৰ ৭৯ শতাংশ মহিলা আৰু ৭৫ শতাংশ পুৰুষ কর্মহীন হৈছে।

Exit mobile version