তলাবন্ধয়ো হাৰ মনাব পৰা নাই মঙলদৈৰ জিতুমণিক

IMG 20200915 145719

“দাদা আহক, এখন তামোল খাওঁক । তলাবন্ধ হোৱাৰ পৰাই দেখা নাই দাদা, কিবা সমস্যা নেকি ? কৰ’নাই আমাৰ জিলাত কালৰূপ ধাৰণ কৰিছে দাদা, অলপ সাৱধানে থাকিব”- এই দৰেই নিমিষতে গ্রাহকৰ মনজয় কৰিবলৈ সক্ষম হোৱা নিৰ্জু আৰু অমায়িক স্বভাৱৰ যুৱকজনৰ বয়স মাত্ৰ ২৪ বছৰ । নাম তাৰ জিতুমণি সৰকাৰ ।

ঘৰত পিতৃ-মাতৃ, বিধবা বায়েক আৰু নিম্ন শ্ৰেণীত পঢ়ি থকা দুই ভাগিন -ভাগিনীয়েককে ধৰি মুঠ ৬ জনীয়া পৰিয়ালটোৰ ভৰণ-পোষণৰ দায়িত্ব মূৰ পাতি ল’বলৈ আৰম্ভ কৰিছে মঙলদৈৰ জিতুমণিয়ে । মঙললদৈৰ কৰিম চ’কত এখন তামোল পাণৰ দোকান দি পৰিয়াল চলাই আছিল যদিও দীৰ্ঘদিনীয়া তলাবন্ধই বৰকৈ জুৰুলা কৰিছে জিতুমণিৰ পৰিয়ালটোক ।

কৰ’নাৰ বাবে দোকানৰ পৰা তামোল-পাণ গ্রাহকে নোখোৱা হৈছে । তথাপিও হাৰ মনা নাই জিতুমণিয়ে । শৈশৱৰ পৰাই জিতুমণিয়ে দৰিদ্রতা সন্মুখৰ পৰাই দেখিছে। পিতৃ সুনীল সৰকাৰে মঙলদৈ কৰিম চ’কৰ নিতাই ঘোষৰ চাহ দোকানৰ কর্মচাৰী হিচাপে পোৱা বেতনেৰে কোনোমতে ঘৰখন চলায় ।

নানা অভাৱ অনাটনৰ মাজেদি টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা, মঙলদৈ বিদ্যাপীঠ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, মঙলদৈ ব্রিলীয়ান্ট একাডেমীৰপৰা উচ্চতৰ মাধ্যমিক আৰু মঙলদৈ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত জিতুমণি সৰকাৰে মন বান্ধিলে জীয়াই থকাৰ সংগ্ৰামখনত দৰিদ্ৰতাক প্ৰতিহত কৰিবলৈ কিবা এটা জীৱিকাৰ পথ লোৱাৰ।

ইতিমধ্যে সমস্যাৰে জৰ্জৰিত ঘৰখনলৈ নতুন সমস্যা নামি আহিছে। বিভিন্ন জোৰা টাপলি মাৰি বিয়া দিয়া বায়েকজনীও বিধৱা হৈ দুটি শিশু সন্তানসহ পিতৃগৃহলৈ উভতি আহিছে । বায়েক মীনাক্ষী আৰু ভাগিনীয়েকদ্বয় আয়ুস মণ্ডল আৰু চান্দা মণ্ডলৰো ভৰণ পোষণৰ উপৰিও শিশুদুটিৰ পঢ়াশুনাৰ দায়িত্ব কান্ধ পাতি লৈছে জিতুমণিয়ে ।

পিতৃয়ে কামকৰা চাহদোকান ‘বলদেৱ চুইটছ’ৰ সন্মুখত প্ৰথমে মেজ এখন পাৰি আৰম্ভ কৰিলে তামোল পাণৰ দোকান। চাহদোকানৰ পৰা চাহ খাই ওলাই অহা লোকসকলক সদায় এটা নির্মল আৰু মিচিকীয়া হাঁহিৰে জিতুমণিয়ে আহ্বান জনায় । যুৱকজনে দুখতো হাঁহি থাকিব পৰা আকৰ্ষণীয় ব্যক্তিত্বৰে ক্ৰমাৎ এই ব্যৱসায়ত জনপ্ৰিয় হ’বলৈ ধৰে আৰু তামোল পাণৰ লগতে আজিকালি সততে শিশু আৰু যুৱক-যুৱতীয়ে বিচৰা বিভিন্ন খাদ্য-সমগ্ৰীৰ ব্যৱসায়ো আৰম্ভ কৰি বহু পৰিমাণে সকাহ লাভ কৰিছে।

পুৱা ৭ বজাৰ পৰা নিশা ১০-১১ বজালৈ জিতুমনিৰ দোকান খোলা থাকে । ব্যৱসায়ত প্রথমে ৫০ টকা, ৬০ টকা উপাৰ্জন কৰা জিতুমণিয়ে হতাশ নহৈ প্রৱল আশাবাদ, অতুলনীয় ইচ্ছাশক্তি আৰু দৃঢ় মনোবলৰ বাবেই ব্যৱসায় বিস্তাৰ কৰি দেউতাকৰ সামান্য উপাৰ্জনৰ লগত নিজৰ কষ্টোপাৰ্জিত ধনৰাশিৰ যোগদি অতি কষ্টৰে ৬ জনীয়া পৰিয়ালটোৰ পোহপাল দিবলৈ সক্ষম হৈছে ।

চাকৰিৰ আশাত ৰৈ নিবনুৱা হৈ অনাই বনাই ঘূৰি ফুৰি পিতৃ-মাতৃৰ বোজাস্বৰূপ আৰু সমস্যাত পৰিণত হোৱা একাংশ উচ্চ শিক্ষিত- অর্দ্ধশিক্ষিত যুৱকৰ বাবে জিতুমণি নিশ্চিতভাৱে আদৰ্শ হ’ব পাৰে। জিতুমনিৰ আশা স্থানীয় বিধায়ক তথা জিলা প্রসাশন নাইবা পৌৰ সভাই তৎকালীন ভাৱে অলপ সহায় কৰিলে জিতুমনিয়ে দোকানখন অকমান ডাঙৰ কৰিব পাৰিব ।

Exit mobile version