পুনৰ কৰণ জোহৰৰ বিৰুদ্ধে সৰৱ কংগনা

810099 kangana karan

বলিউড ইণ্ডাষ্ট্ৰী কৰণ জোহৰ বা তেওঁৰ দেউতাকে নিৰ্মাণ কৰা নাছিল । এই ইণ্ডাষ্ট্ৰীটো সেইসকল লোক আৰু দৰ্শকে নিৰ্মাণ কৰিছে যিয়ে টিকট ক্ৰয় কৰিছে । এইদৰে পুনৰ ছবি নিৰ্মাতা তথা পৰিচালক কৰণ জোহৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বলীউডৰ অভিনেত্ৰী কংগনা ৰণৌটে ।

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা বলিউডৰ একাংশ প্ৰযোজক, পৰিচালক, অভিনেতা-অভিনেত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ থকা কংগনাই এক টুইটযোগে এই মন্তব্য কৰে ।

কংগনান টুইটোত লিখে, ‍‘ইণ্ডাষ্ট্ৰী কেৱল কৰণ জোহৰ বা তেওঁৰ দেউতাকে নিৰ্মাণ কৰা নাই, বাবা ছাহেব ফাল্কেৰ পৰা প্ৰতিগৰাকী কলাকাৰ আৰু শ্ৰমিকে নিৰ্মাণ কৰিছে । সেইগৰাকী সেনাই যিয়ে সীমান্তত আছে, সেইজন নেতাই যিয়ে সংবিধান ৰক্ষা কৰিছে, সেইজন লোকে যিয়ে টিকট ক্ৰয় কৰিছে, ইণ্ডাষ্ট্ৰি কোটি কোটি ভাৰতবাসীয়ে নিৰ্মাণ কৰিছে ৷”

উল্লেখযোগ্য যে অভিনেতা সুশান্ত সিং ৰাজপুৰ মৃত্যুৰ পিছৰে পৰা কংগনাই স্বজনপ্ৰীতিক লৈ বহুবাৰ কৰণ জোহৰক কটাক্ষ কৰিছে ৷ ছবিৰ দালাল, স্বজনপ্ৰীতিৰ অন্যতম বাহক আদিৰ বিভিন্ন উপাধিৰে সততে কৰণক কটাক্ষ কৰে কংগনাই ৷

অন্যহাতে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছত একপ্ৰকাৰ বলীউডৰ একাংশ আৰু মহাৰাষ্ট্ৰ চৰকাৰক লগত সমানে যুঁজ দিছে কংগনাই  ৷ অৱশ্যে মহাৰাষ্ট্ৰ চৰকাৰ আৰু কংগনাৰ মাজত লগা এই যুঁজখনে ভৱিষ্যতে কি ৰূপ ল’ব সেয়া হ’ব লক্ষ্যণীয়।

Exit mobile version