বলিউদত ড্ৰাগছৰ সন্দৰ্ভত জয়া বচ্চনৰ প্ৰতিক্ৰিয়া

qaumiawaz 2020 09 265dfe95 824e 4de5 b664 ac28683a5dfe jaya bacchan

সমাজবাদী পাৰ্টিৰ সাংসদ আৰু বলিউদৰ প্ৰবীণ অভিনেত্ৰী জয়া বচ্চনে অভিনেতা ও ৰাজনৈতিক নেতা ৰবি কিষানে সংসদত উত্থাপন কৰা বলিউদৰ ড্ৰাগছৰ প্ৰসংগত প্ৰতিক্ৰিয়া আগবঢ়ায়।

“মাত্ৰ কিছুলোকৰ বাবে আপুনি সমগ্ৰ বলিউদৰ জগতখনক কলংকিত কৰিব নোৱাৰে। বলিউদৰ জগতখনৰে এজন সদস্যই বলিউদৰ বিপক্ষে যি কথা ক’লে তাৰ বাবে মই সঁচাকৈ লজ্জিত অনুভৱ কৰিছো । যিখন থালিত ভাত খায় সেই থালিখনৰে বদনাম কৰিছে।” আজি ৰাজ্যসভাত ৰবি কিষানক কটাক্ষ কৰি কয় এনেদৰে কয় জয়া বচ্চনে।

উল্লেখ্য যে সোমবাৰে ভোজপুৰী আৰু বলিউদৰ জনপ্ৰিয় অভিনেতা আৰু উত্তৰ প্ৰদেশৰ বিজেপি সাংসদ ৰবি কিষানে সোমবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনত উত্থাপন কৰিছিল বলিউডৰ ড্ৰাগছ প্ৰসংগ ।

সাংসদ গৰাকীয়ে কয় যে আমাৰ দেশৰ যুৱক-যুৱতীক ধ্বংস কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু আমাৰ চুবুৰীয়া দেশেই এই ক্ষেত্ৰত জড়িত আছে । পাকিস্তান আৰু চীনৰ পৰা প্ৰতি বছৰে ড্ৰাগছ সৰবৰাহৰ খবৰ পোৱা গৈছে । পাঞ্জাৱ আৰু নেপালৰ পৰা এই ড্ৰাগছ ক্ৰয় কৰা হয় । লগতে সাংসদ গৰাকীয়ে কয় এই ড্ৰাগছৰ আসক্তি বলিউডতো আছে ।

বহু কেইগৰাকী বলিউডৰ অভিনেতা-অভিনেত্ৰী ড্ৰাগছৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰো হৈছে । এনচিবিয়ে খুব ভাল কাম কৰিছে । এই দোষী সকলৰ বিৰুদ্ধে অতি শীৰ্ঘ্ৰেই বিহিত ব্যৱস্থা ল’বলৈ মই কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছো । দোষীক উচিত শাস্তি প্ৰদান কৰক যাতে এই ক’লা অধ্যায়ৰ ইমানতে অন্ত পৰে ।

উল্লেখ্য যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ ম’বাইল চাটত অভিনেত্ৰী গৰাকীয়ে ড্ৰাগছ ব্যৱহাৰ কৰাৰ অভিযোগত এন চি বি য়ে গ্ৰেপ্তাৰ কৰে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক। তেতিয়াৰে পৰা বলিউডৰ ড্ৰাগছ প্ৰসংগ গভীৰ ভাৱে চৰ্চিত হৈছে ।

জয়া বচ্চনৰ প্ৰতিক্ৰিয়াৰ পাছতে ৰবি কিষানে কয় যে, “মই আশা কৰিছিলো যে জয়া জীয়ে মোৰ কথাৰ সমৰ্থন কৰিব। বলিউদৰ প্ৰত্যেকেই ড্ৰাগছ সেৱন নকৰে, কিন্তু যিসকলে সেৱন কৰে সেইসকল এই উদ্যোগটোৰ ধ্বংস কৰাৰ অংশীদাৰ । জয়া জী আৰু মই যেতিয়া বলিউদৰ জগতখনত প্ৰৱেশ কৰিছিলো তেতিয়া পৰিস্থিতি এনেকুৱা নাছিল, কিন্তু এতিয়া আমি এই উদ্যোগটোক ৰক্ষা কৰাৰ খুবেই প্ৰয়োজন।”

আনহাতে, অভিনেত্ৰী কংগনা ৰণৌটে জয়া বচ্চনৰ এই প্ৰতিক্ৰিয়াৰ পিছত প্ৰশ্ন কৰিছে যে, যদি তেওঁলোকৰ পুত্ৰ বা জীয়ৰি একেদৰেই প্ৰভাৱিত হ’লহেঁতেন, তেন্তে একেই প্ৰতিক্ৰিয়া দেখালে হেতেন নে?”

Exit mobile version