ভাৰত-চীন সীমান্তৰ বিষয়টো জটিলঃ প্ৰতিৰক্ষা মন্ত্ৰী

PTI7 20 2018 000147A

আজি সংসদৰ বৰ্ষাকালীন অধিবেশনৰ দ্বিতীয়টো দিন । আজি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত আৰু চীনক লৈ মন্তব্য কৰে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যি চীনৰ ফালে বহু সেনা নিয়োজিত কৰা হৈছে ৷ চীনে কোনো চুক্তিক মানি চলা নাই ।

ৰাজনাথ সিঙে কয় যে দেশৰ বীৰ জোৱানসকল সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে ৷ আমি আমাৰ চুবুৰীয়া দেশৰ লগত ভাল সম্পৰ্ক ৰাখিব বিছাৰো ৷ কিন্তু চুবুৰীয়া দেশেও এই সন্দৰ্ভত সহমত দিব লাগিব ৷ চীনৰ ফালৰ পৰা যেতিয়াই আক্ৰমণাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে ৷ চীন প্ৰতিটো মূহুৰ্তত পৰাজয়েই হয়। এপ্ৰিল মাহৰ পৰাই চীনে সৈন্য বৃদ্ধিৰ কাম আৰম্ভ কৰিছে  ৷ এই মন্তব্য ৰাজনাথ সিঙৰ ।

চীনে বহু ঠাই অধিকাৰ কৰিব বিচাৰিছে  ৷ ১৫ জুনত গালৱানত হোৱা সংঘৰ্ষত চীনৰ বহু ক্ষতি হ’ল । ১৯৯৩ আৰু ১৯৯৬ত সিদ্ধান্ত লোৱা হৈছিল যে দুয়োখন দেশে সীমান্তত সীমিত সংখ্যক সেনা ৰাখিব । কিন্তু চীনে সহমত পোষণ কৰা নাই । ভাৰত-চীন সীমান্ত সন্দৰ্ভত সংসদত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এইয়া জটিল বিষয় ৷ বুজাবুজিৰে সমস্যা সমাধান কৰাটো প্ৰয়োজন । সীমান্তক লৈ সকলোৰে নিজৰ নিজৰ দৃষ্টি।

Exit mobile version