মৃত্যুৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধিৰ শংকা

123597 coronavirus 2

অসমত ক’ভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধিয়ে উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰেক্ষাগৃহত স্বাস্থ্য বিভাগৰ এক নিযুক্তি প্ৰদান অনুষ্ঠানত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় “অসমত কৰ’নাত প্ৰত্যক্ষভাৱে পাঁচশতকৈও অধিক লোকৰ মৃত্যু হৈছে ৷ পৰোক্ষভাৱে কিমান লোকৰ মৃত্যু হৈছে তাৰ স্পষ্ট তথ্য এই সময়ত পাবলৈ নাই । আনহাতে অহা তিনিমাহত কিমানজনৰ মৃত্যু হ’ব সেয়া ধাৰণা কৰাই টান ৷”

কৰ’নাক লৈ একাংশ লোকে চলোৱা অপপ্ৰচাৰ, মাস্ক নিপিন্ধাটো একাংশই জেদত পৰিণত কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ বাদ দিয়াৰ ফলতে ৰাজ্যত পৰিস্থিতি সম্প্ৰতি জটিল হোৱা বুলি মন্ত্ৰীজনে মন্তব্য কৰে ৷ ৰাইজে স্বাস্থ্যবিধি পালন নকৰিলে অহা অক্টোবৰত পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা প্ৰকাশ কৰে ড° শৰ্মাই । আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ লগে লগে সংকটজনক ৰোগীৰ সংখ্যাও অসমত বৃদ্ধি হৈছে ৷

তদুপৰি একাংশ লোকে কৰ’নাৰ লক্ষণ ফুটি উঠাৰ পাছতো শেষ মুহুৰ্তলৈ ৰৈ থকাৰ বাবে ৰাজ্যত মৃত্যুৰ সংখ্যা বাঢ়িছে ৷ এনে অধিকাংশ লোককে তৎকালীনভাৱে আই চি ইউৰ প্ৰয়োজন হয় যদিও চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয়তে ইয়াৰ নাটনি হৈছে ।

এনে কাৰণৰ লগতে ৰাজ্যত আগন্তুক দিনত ৰাজহুৱা স্বাস্থ্যসেৱা খণ্ডটো অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰতিখন জিলাত আই চি ইউ স্থাপনত স্বাস্থ্য বিভাগে অগ্ৰাধিকাৰ দিছে  ৷ মন্ত্ৰীজনে জনায় যে অহা জানুৱাৰীৰ পূৰ্বে প্ৰতিখন জিলা চিকিৎসালয়ত অত্যাধুনিক আই চি ইউৰ সুবিধা গঢ়ি উঠিব। তদুপৰি চিকিৎসা মহাবিদ্যালয়খনতো আই চি ইউৰ সংখ্যা এই সময়ছোৱাত বৃদ্ধি কৰা হ’ব ৷

Exit mobile version