যোৱা ৫০ বছৰত বিশ্বৰ পৰা বিলুপ্ত হ’ল ৬৮ শতাংশ জীৱ-জন্তু

Screenshot 99

মানুহৰ নৃশংসতাত ক্ৰমে বিনাশৰ দিশে গতি আৰম্ভ কৰিছে বনৰীয়া জীৱ-জন্তুৱে । যোৱা ৫০বছৰত বনৰীয়া জীৱ-জন্তৰ বিলুপ্তিৰ পৰিসংখ্যাই এতিয়া উদ্বেগ বৃদ্ধি কৰিছে পশুপ্ৰেমীসকলৰ মাজত । বিশ্ব বন্যপ্ৰাণী নিধিৰ নতুন পৰিসংখ্যা অনুসৰি যোৱা ৫০ বছৰত বিশ্বৰ পৰা দুই-তৃতীয়াংশ বন্য জীৱ-জন্তু হ্ৰাস পাইছে । বহু প্ৰজাতিলৈ বিলুপ্তিৰ সংকট কঢ়িয়াই আনিছে ।

মানৱ সমাজৰ আগ্ৰাসী মনোভাৱৰ বাবেই যে এনে হৈছে সেই কথাৰো উল্লেখ কৰিছে বিশ্ব বন্যপ্ৰাণী নিধিয়ে । ১৯৭০ৰ পৰা ২০১৬ ৰ মাজৰ সময়ছোৱাক লৈ কৰা গৱেষণাৰ ভিত্তিত প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি চৰাই, উভয়চৰ, স্থলচৰ প্ৰাণীসহ অন্তত ৬৮ শতাংশ জীৱ-জন্তু এই সময়ছোৱাত বিলুপ্ত হৈ গৈছে ।

এই বিলুপ্তিৰ বাবে বহুকেইটা কাৰণক চিহ্নিত কৰা হৈছে । বনাঞ্চলৰ গছ-গছনি কাটি শেষ কৰি এনে মাটি মানুহে নিজৰ প্ৰয়োজনত ব্যৱহাৰ কৰিছে ।ফলত জীৱ-জন্তুৰ বাবে খাদ্য সংকট চিৰলগৰী হৈ পৰিছে । তদুপৰি বহু বনাঞ্চলত মানুহৰ ভুলৰ বাবেই অগ্নিকাণ্ডৰ ঘটনা ঘটিছে । ‘জুলজিকেল ছ’চাইটি অৱ লণ্ডন’ৰ সঞ্চালক এন্ড্ৰু টেৰিৰ মতে, যদি এনে প্ৰচেষ্টা অব্যাহত থাকে । তেন্তে সকলো জীৱ-জন্তুৰে এদিন মৃত্যু হ’ব ।

এনে অৱস্থাত প্ৰাকৃতিক ভাৰসাম্যও বিপন্ন হ’ব । মানুহৰ কূট-কৌশলত প্ৰকৃতিৰ লগত যুঁজি থকাৰ জন্মগত শক্তিও হেৰুৱাই পেলাইছে জীৱ-জন্তুৱে।মানুহৰ বাবেই কমেও ১০ লাখ জীৱ-জন্তুৱে বিলুপ্তিৰ ক্ষণ গণিবলগীয়া হৈছে।নিজকে জীৱশ্ৰেষ্ঠ বুলি দাবী কৰা মানুহে কিন্তু এতিয়াও প্ৰকৃতি ধ্বংসৰ দায়িত্ব ল’বলৈ প্ৰস্তুত নহয় ।

Exit mobile version