শেহতীয়াকৈ দেশত কৰ’নাৰ তথ্য

Coronavirus 1

ভাৰতত প্ৰতিদিনে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে আজি সদৰী কৰা তথ্য অনুসৰি বিগত ২৪ ঘন্টাত ৮৩হাজাৰ ৮০৮ জন লোকৰ শৰীৰত কৰ’না ভাইৰাছ পোৱা গৈছে ৷ মৃত্যু হৈছে ১০৫৪ জন ।

ইয়াৰ লগে লগে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৪৯ লাখ ৩০ হাজাৰ ২৩৭ জনলৈ বৃদ্ধি পালে ৷ চিকিৎসাধীন হৈ আছে ৯ লাখ ৯০ হাজাৰ ৬১ জন ৷ সুস্থ হৈছে ৩৮ লাখ, ৫৯ হাজাৰ ৪০০ জন লোক আৰু মৃত্যু হৈছে ৮০ হাজাৰ ৭৭৬ জন ।

ইয়াৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে কয় যে ভাৰতৰ কৰ’নাৰ পৰিস্থিতিক নিয়ন্ত্ৰিত কৰিবলৈ সক্ষম হৈছে । কৰ’নাক প্ৰতিৰোধ কৰিবলৈ দিয়া তলাবন্ধই প্ৰায় ২৯ লাখ লোকক কৰ’নাত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰিলে ৷

আনহাতে দিল্লীত বিগত ২৪ ঘন্টাত পুনৰ ৪২৬৩ জন লোক ক’ৰনাত আক্ৰান্ত হৈছে ৷ মৃত্যু হৈছে ৩৬ জন লোকৰ ৷ দেশত সম্প্ৰতি ৭৮.২৮ শতাংশ লোক সুস্থ হৈ উঠিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে আজিৰ দিনটোত কৰ’নাত ২৮,৬৯,৩৩৮ জন লোক চিকিৎসাধীন হৈ আছে ৷ বিগত ২৪ ঘন্টাত মহাৰাষ্ট্ৰত ৩৭১ জন আৰক্ষীৰ দেহত পোৱা গৈছে কৰ’না ভাইৰাছ ।

মহাৰাষ্ট্ৰত মুঠ ১৯,৭৫৬ জন আৰক্ষীৰ দেহত পোৱা গৈছে কৰ’না ৷ চিকিৎসাধীন হৈ আছে ৩,৭২৪ জন ৷ সুস্থ হৈছে ১৫,৮৩০ জন ৷ মৃত্যু হৈছে ২০২ ৷ ৰাজস্থানত নতুনকৈ ৩৬৪৫ জন লোকৰ শৰীৰত পোৱা গৈছে কৰ’না ৷ মৃত্যু হৈছে ৮ জনৰ । ৰাজস্থানত কৰ’নাত আক্ৰান্ত হৈছে ১,৫৮,৬৫০ জন ৷ সুস্থ হৈছে ১,২২,০২৪ জন ৷ মৃত্যু হৈছে ৬৪৫ জন ৷ চিকিৎসাধীন হৈ আছে ৩৫,৯২৮ জন ।

Exit mobile version