পশ্চিম আমেৰিকাত অৰণ্যত লগা জুইয়ে বহু ক্ষতিৰ সন্মুখীন হৈছে । এই বনজুইৰ অন্যতম কাৰণ বতৰৰ পৰিৱৰ্তন বুলি সদৰী কৰিছে একাংশই ৷ কিন্তু তাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ দুই সাম্ভাৱ্য প্ৰাৰ্থীৰ মাজত এই বনজুইক কেন্দ্ৰ কৰিয়েই আৰম্ভ হৈছে তীব্ৰ বাক-বিতণ্ডা ।
বনজুইৰ সন্দৰ্ভত ট্ৰাম্পৰ মন্তব্য যে “বনত জুই কিয় লাগিলে এই বিষয়ে বিজ্ঞানেও উত্তৰ দিব নোৱাৰে ।” ট্ৰাম্পে বতৰ পৰিৱৰ্তনক কোনো গুৰুত্ব আৰোপ নকৰে । ইয়াৰ কাৰণে তৈয়াৰ কৰাৰ নিয়মসমূহকো নামানে ট্ৰাম্পে ৷
আনহাতে বাইডেনে ক্ষিপ্ৰ গতিত হোৱা বতৰ পৰিৱৰ্তনৰ কাৰণে এনেধৰণৰ বনজুইৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰে ৷ ইপিনে কেলিফৰ্ণিয়াৰ অৰণ্যত লগা জুইৰ খবৰ ল’বলৈ এসপ্তাহৰ পিছত উপস্থিত হয় ট্ৰাম্প । কেলিফৰ্ণিয়াত অৰণ্যত লগা জুইৰ কাৰণে বহু লোকে নিজৰ প্ৰাণ ৰক্ষাৰ কাৰণে পলায়ন কৰে ৷ কাৰণ এই বনজুনত ২৭ জন লোকৰ মৃত্যু হয় ।
আচৰিত ভাৱে এই বনজুইৰ কাৰণে বন আৰক্ষীৰ কিছুমান বিষয় বিষয়াক দোষী সাৱ্যস্ত কৰে ট্ৰাম্পে ৷ ইয়াৰ পাছত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাইডেনে কয় যে ট্ৰাম্প যদি অনাগত কাৰ্যকাৰ কাৰণে নিৰ্বাচিত হয় তেন্তে প্ৰকৃতিলৈ ভাবুকি আহিব ।
বাইডেনে কয় “আমি যদি ট্ৰাম্পক আদি চাৰি বছৰ দিও তেন্তে বতৰ পৰিৱৰ্তন কৰা বিষয়টো উপেক্ষা কৰিব । যদি আপোনালোকে জলবায়ুক জুইত অৰ্পণ কৰিব বিচাৰি তেন্তে আমেৰিকাৰ জুইত জাঁহ যোৱাৰ দৰে হ’ব ৷” গতিকে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সমান্তৰালভাৱে ট্ৰাম্প আৰু বাইডেনৰ মাজত শীতল যুদ্ধখন বৃদ্ধি পাইছে।