অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ পুত্ৰ ভগগিৰী ৰায়চৌধুৰীৰ দেহাৱসান

WhatsApp Image 2020 09 16 at 8.07.32 PM

গুৱাহাটীৰ শিলপুখুৰী নিৱাসী বিশিষ্ট নাগৰিক তথা বি বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ‍্যাপক, অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ পুত্ৰ ভগগিৰী ৰায়চৌধুৰীৰ আজি গুৱাহাটীৰ শিলপুখুৰীৰ নিজা বাসভৱনত বাৰ্ধক‍্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে । ১৯৩৩ চনত জন্মলাভ কৰা ৰায়চৌধুৰীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৭ বছৰ ।

এগৰাকী বিশিষ্ট কবি, নিবন্ধকাৰ তথা বিভিন্ন কাকতৰ স্তম্ভলেখক হিচাপেও জনাজাত ৰায়চৌধুৰীয়ে মন, মাটি , মেঘ, ৰ’দৰ ৰূপালী ৰেখা, আয়ুস্মতী আদি কবিতা পুথি, শিশু উপন‍্যাস মৰণ বিজয়ীকে ধৰি কে’বাখনো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে । মৃত্যুৰ কিছুদিনৰ আগলৈকে তেখেতে এখন সাপ্তাহিক কাকতত ধাৰাবাহিকভাৱে “মোৰ জীৱনৰ উৰ্মিমালা” শীৰ্ষক আত্মজীৱনী লিখি আছিল।

উল্লেখযোগ্য যে নিচেই কম বয়সতে বায়েক শুচিব্ৰতা ৰায়চৌধুৰীৰ সৈতে ‘শুভ-ৰায়’ ছদ্মনামত অনুবাদ কৰা ‘সোণালী পেৰা’ গ্ৰন্থখনেই আছিল অম্বিকাগিৰী ৰায়চৌধুৰীয়ে প্ৰতিষ্ঠা কৰা প্ৰকাশন প্ৰতিষ্ঠান “আত্মবিকাশ ভৱন”ৰ পৰা প্ৰকাশিত প্ৰথমখন কিতাপ ।

প্ৰয়াত ৰায় চৌধুৰী অসম সেৱক প্ৰতিষ্ঠানকে ধৰি অসম যুৱক সমাজ, অম্বিকাগিৰী সমাজ মণ্ডলী, যুৱ নিৱাস সন্থা, অম্বিকাগিৰী স্মাৰক ন‍্যাস আৰু বিভিন্ন সমাজসেৱামূলক অনুষ্ঠানৰ স’তে ওতঃপ্ৰোতভাৱে জড়িত আছিল । বিশিষ্ট অসমপ্ৰেমী ৰূপে জনাজাত ৰায়চৌধুৰীয়ে অসম আন্দোলনতো সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিছিল ।

উল্লেখযোগ্য যে তেওঁ পত্নী ঋতুৰাণী ৰায়চৌধুৰীৰ ১৯৯২ চনতে পৰলোকপ্ৰাপ্তি ঘটিছিল । আজি নৱগ্ৰহ শ্মশানত তেখেতৰ শেষকৃত‍্য সম্পন্ন কৰা হয়।

Exit mobile version