‘এইধৰণে ইতিকিং কৰিলে মই সহ্য নকৰিম, বলিউডৰ সন্মান সদায় উচ্চ হৈ থাকিব’ -হেমা মালিনী

throwback did you know hema malini rejected raaj kumar marriage proposal during her initial years

বলিউডৰ ড্ৰাগছৰ প্ৰসংগ সাংসদ ৰবি কৃষণে সংসদত উত্থাপন কৰাৰ পাছৰে পৰা জাঙুৰ খাই উঠিছে বলিউডৰ একাংশ কলা-কুশলী । ৰবি কিষাণৰ অভিযোগৰ বিৰোধিতা কৰে প্ৰবীণ অভিনেত্ৰী জয়া বচ্চনে । অভিনেত্ৰী গৰাকীয়ে কৈছিল, “যিখন থালিত খাই সেইখন থালিৰে বদনাম গায়”।

আনহাতে ,জয়া বচ্চনৰ এই মন্তব্যক লৈ তৰ্ক-বিতৰ্কৰ সূত্ৰপাত হৈছে । পিছে অভিনেত্ৰী গৰাকীক সমৰ্থন কৰে বলিউডৰ ড্ৰীম গাৰ্ল তথা সাংসদ হেমা মালিনীয়ে ।

হেমা মালিনীয়ে কয়, “বলিউডৰ সন্মান সদায় উচ্চ হৈয়ে থাকিব, ড্ৰাগছ অথবা বংশবাদৰ অভিযোগ লগাই সেই সন্মানক অপযশ দিবলৈ কোনেও নোৱাৰে । মই এই নাম, মান-সন্মান সকলো বলিউডৰ পৰাই পাইছো ।এনেকুৱা অভিযোগ লগোৱাটো অত্যন্ত দুখৰ বিষয় । জয়া বচ্চনে কৈছিল যে সমগ্ৰ ড্ৰাগছৰ আৰোপ লগাই সমগ্ৰ বলিউড উদ্যোগটোতে বদনাম কৰিবলৈ চেষ্টা কৰিছে বুলি ।”

লগতে হেমা মালিনীয়ে সংবাদমাধ্যমৰ স’তে হোৱা এক সাক্ষাৎকাৰত কয়, “মই সকলোকে ক’বলৈ বিচাৰিছো বলিউড এখন সুন্দৰ ঠাই । কলা-সংস্কৃতিৰে পৰিপূৰ্ণ এটা উদ্যোগ । এই উদ্যোগটোৰ বিষয়ে কোনোবাই বেয়াকৈ ক’লে সেইটো শুনিবলৈ মই খুবেই বেয়া পাওঁ । যেনে: ড্ৰাগছ কেলেংকাৰী । এই ড্ৰাগছ কেলেংকাৰী ক’ত নাই ? যেতিয়া ক’ৰবাত দাগ লাগে সেই দাগটো ধুই দিলে গুচি যায় । বলিউডত লগা দাগটোও গুচি যাব ।”

লগতে অভিনেত্ৰী গৰাকীয়ে কয়, “বলিউডত এনেকুৱা মহান কলাকাৰ আছে, মানৱৰ ৰূপত যেন তেওঁলোক ভগৱানহে । মানুহে আচৰিত হয় এওঁলোক শিল্পী নে ভগৱান । উদাহৰণস্বৰূপে ৰাজ কাপুৰ, দেৱানন্দ, অমিতাভ জী, ধৰ্মেন্দ্ৰ । এওঁলোকে বলিউডক ভাৰতত এটা পৰ্যায়ত বনাই দিছিল। যদি কোনোলোকে বলিউডক ইতিকিং কৰে মই সহ্য নকৰিম ।”

বলিউডৰ নেপটিজমৰ ওপৰতো মন্তব্য দিয়ে অভিনেত্ৰী গৰাকীয়ে । তেওঁ কয়, “যদি বলিউডৰ কোনো কলা-কুশলীৰ সন্তান বলিউডত প্ৰৱেশ কৰে তাৰমানে এইটো নহয় যে তেওঁ ছুপাৰষ্টাৰ হৈ গৈছে । ইয়াৰ বাবে নিজৰ প্ৰতিভা আৰু ভাগ্যৰ খুবেই দৰকাৰী।”

Exit mobile version