এটি উৰুখা পঁজাত জীৱন কটোৱা কলিয়াবৰৰ চিকনি বৰহোলাৰ এটি পৰিয়ালৰ দুৰ্বিসহ জীৱন গাথাঁ

IMG 20200915 WA0005

এখন তৰাদেখা ছালৰ তলতে কনমাণি দুই পুত্ৰক বুকুত সাৱটি দিনৰাতি পাৰ কৰিছে এজন দিব্যাংগ লোকে ৷ নাম তেওঁৰ ৰাজেশ প্ৰজা, ঘৰ কলিয়াবৰৰ চিকনি-বৰহোলা অঞ্চলত ৷ এটা উৱলি যোৱা জুপুৰীতে থাকে এই ৰাজেশ প্ৰজাৰ তিনিজনীয়া পৰিয়াল । মাতৃহাৰা দুটি কণমাণি পুত্ৰক বুকুত সাৱটি বহুকেইটা বছৰ বসবাস কৰিছে পিতৃ ৰাজেশ প্ৰজাই ।

উল্লেখ্য যে, বিশেষ ভাৱে সক্ষম লোকজনৰ ভৰি এখন লেঙেৰা হোৱা বাবেই উপাৰ্জনৰ পথ উলিয়াব নোৱাৰে দুৰ্ভগীয়া ৰাজেশ প্ৰজাই । বৰ্ণাতীত এক জীৱন কাহিনী এইগৰাকী লোকৰ ৷ চৰকাৰৰ দৃষ্টি নপৰা এই পৰিয়ালটোৱে আজি পৰ্যন্ত নাপালে এটা চৰকাৰী বাসগৃহ। বতাহ-বৰষুণ দিলেই উজাগৰী নিশা পাৰ কৰিবলগীয়া হয় পৰিয়ালটোৱে । ভঙা টিনপাতৰ মাজৰে সৰকি অহা বৰষুণৰ পানীৰে তেওঁলোকৰ ঠুনুকা সপোনবোৰ চুৰমাৰ কৰি পেলায় ।

ঘৰৰ ভিতৰৰ পৰাই নিশাৰ আকাশৰ তৰা গণিব পৰাকৈ জৰাজীৰ্ণ ঘৰটোৰ চাৰিবেৰৰ অৱস্থা অতি শোচনীয় । পাকঘৰ¸ শোৱনি কোঠা বুলি ঘৰটোত নাই কোনো বিশেষ কোঠা, আছে কেৱল চৌপাশে উৱলি যোৱা দুখীয়াৰ ভঙা পঁজাৰ মৰ্মবেদনা । শোৱাপাটীৰ দৃশ্য দেখিলে প্ৰতিজন হৃদয়বানৰে চকুপানী বৈ আহিব ।

যি সময়ত চৰকাৰে এটাও মাটিৰ ঘৰ নাথাকে বুলি ঘোষণা কৰিছে তেনে সময়তে এইখন অসমৰে কলিয়াবৰ চিকনি বৰহোলাৰ ৰাজেশ প্ৰজাই বৰষুণৰ পৰা বাচিবলৈ টিৰপালৰে সৰ্বশৰীৰ ঢাকি জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। দুবেলা-দুসাঁজ কোনোমতে খুজি-মাগি যোগাৰ কৰি পোহপাল দিবলগীয়া হৈছে দুই সন্তানক। চৰকাৰী ৰেচন কাৰ্ড আছে যদিও সেয়া আজিৰ তাৰিখত পৰ্যাপ্ত নহয় ।

ওচৰৰে সুহৃদয়বান দুই একে খাবলৈ দিয়া সামগ্ৰীৰে কোনোমতে চলাই নিছে পৰিয়ালটি । সন্তানক এযোৰ ভাল কাপোৰ পিন্ধাব নোৱাৰা দুখত পিতৃ ৰাজেশে হিয়া-ঢাকুৰি কান্দে আৰু কেতিয়াবা উচুপি উঠে । চৰকাৰে তেওঁলোকৰ পৰিয়ালটিক উদ্ধাৰ কৰিব বুলি ৰাজেশে বহু আশাৰে বাট চাইছিল । কিন্তু চৰকাৰ তথা জনপ্ৰতিনিধিয়ে আজি পৰ্যন্ত সহায় কৰিবলৈ আগবাঢ়িল নাহিল ৰাজেশৰ পৰিয়ালটিক । এই অভিযোগ খোদ দুৰ্ভগীয়া ৰাজেশ প্ৰজাৰ ।

সন্তানক ভাল মানুহ কৰি গঢ়ি তুলিবলৈ সপোন দেখা ৰাজেশে পৰিস্থিতিৰ বাবে থমকি ৰ’ব লগা হৈছে । কণমানি সন্তান দুটি স্কুলত শিক্ষা লবলৈ পঠিয়াইছে যদিও সেইয়া কিমান দিনলৈ অব্যাহত থাকিব তাক লৈ চিন্তিত হৈ পৰিছে পিতৃ ৰাজেশ ৷ কাৰণ পৰিয়ালটিৰ আৰ্থিক অৱস্থা শূণ্য বুলি ক’লেও ভুল কৰা নহ’ব।

চৰকাৰ তথা জনপ্ৰতিনিধিক পুনৰবাৰ সহায়-ভিক্ষা কৰি পৰিয়ালটিক উদ্ধাৰ কৰিবলৈ কৰযোৰে আহ্বান জনাইছে ৰাজেশ প্ৰজাই । চৰকাৰে যদি সু- দৃষ্টি নিক্ষেপ নকৰে, তেন্তে সন্তানসহ পিতৃয়ে আত্মহত্যা কৰিবলৈ বাধ্য হ’ব বুলি দুখেৰে প্ৰকাশ কৰিছে লোকজনে ।

বিকশিত অসমৰ শ্ল’গান দিয়া দুখীয়াৰ চৰকাৰ বুলি সততে কৈ অহা চৰকাৰখনে এই দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰখনৰ কোনো এখন আঁচনিয়ে সামৰি ল’বনে, এই লৈ প্ৰশ্ন কৰিছে হৃদয়বান লোকজনে ৷

Exit mobile version