কলিয়াবৰৰ এখন গাঁৱৰ এটি পথে জ্বলা-কলা খুৱাইছে ৰাইজক

IMG 20200915 WA0012

কলিয়াবৰৰ এখন গাঁৱৰ এটি পথে জ্বলা-কলা খুৱাইছে গঁঞা ৰাইজক ৷ এজাক বৰষুণতে বোকাময় হৈ পৰা পথটোত বৰ্তমান সময়তে ঘৰৰ পৰা পদূলিলৈ ওলাবলৈ লৈয়ো একপ্ৰকাৰ থমকি ৰ’বলগীয়া হৈছে জনসাধাৰণ ৷ পথৰ বাবেই বিধ্বস্ত হৈ পৰিছে সমগ্ৰ পৰিৱেশ ৷

কলিয়াবৰ বিধানসভা সমষ্টিৰ চিকনি- বৰহোলাৰ গঞ্জুবস্তিলৈ যোৱা পথটি বছৰৰ পাছত বছৰ ধৰি নিৰ্মাণ তথা মেৰামতিৰ অভাৱত জহিখহি যোৱাৰ অৱস্থা হৈছে ৷ ইয়াৰ উপৰিও পথটিৰ মাজে মাজে আছে আকৌ বিদ্যুতৰ খুঁটা । এই সময়তো নিশা অন্ধকাৰত খুন্দা খাই আহত হৈছে বহুজন ।

ইফালে পথটি নিৰ্মাণৰ দাবী জনাই জনপ্ৰতিনিধি, সংশ্লিষ্ট বিভাগৰ লগতে পঞ্চায়ত প্ৰতিনিধিৰ ওচৰলৈ বাটকুৰি বাই ভাগৰি পৰিছে ভুক্তভোগী ৰাইজ । প্ৰতিটো নিৰ্বাচনৰ সময়ত অহা নিৰ্বাচনৰ প্ৰাৰ্থীয়ে পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও সকলো মিছা । সেয়ে এইবাৰ প্ৰতিবাদত নামি পৰিছে ৰাইজ । পথৰ ওপৰতে জাল-জাকৈ লৈ উজানৰ মাছ বিচাৰি ৰাইজে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ৷

ইয়াৰ মাজতে ৰাইজৰ স্পষ্ট কথা, পথ নিৰ্মাণ কৰি নিদিলে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ , কংগ্ৰেছ কাকো ভোট নিদিয়ে এইসকল গঁঞা ৰাইজে । প্ৰতিশ্ৰুতি নহয়, যি নেতাই আগতে পথ নিৰ্মাণ কৰি দিব সেই নেতাকে ভোট দিব বুলিও মত প্ৰকাশ কৰিছে একাংশ ভুক্তভোগী লোকে ৷

Exit mobile version