নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘ড্ৰীম প্লেন’ৰ পৰিপ্ৰেক্ষিতত দেশবাসীয়ে লাভ কৰিব নতুন সংসদ ভৱন

parliament3

৮৬১.৯০ কোটি টকাৰে টাটায়ে নিৰ্মাণ কৰিব সংসদৰ নতুন ভৱন । এই প্ৰজেক্টটো চলিত বৰ্ষতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । তথ্য অনুসৰি নতুন সংসদ ভৱনটো ত্ৰিকোণ আকাৰত ডিজাইন কৰা হ’ব ৷  আনহাতে পূৰ্বৰ সংসদ ভৱনটো ব্ৰিটিছকালতেই নিৰ্মাণ কৰা হৈছিল আৰু ই বৃত্তাকাৰ । প্ৰায় ৭৫ বছৰীয়া এই সংসদ ভৱনটোত বহু পুৰণি হৈ গৈছে ।

এক বিশেষ সূত্ৰৰ মত অনুসৰি নৰেন্দ্ৰ মোদী চৰকাৰৰ “ড্ৰীম প্লেন”ৰ অংশ হৈছে এই সংসদ ভৱনটো ৷ গতিকে সম্প্ৰতি অতি ক্ষিপ্ৰ গতিৰে সংসদ ভৱনটো নিৰ্মাণ হ’ব বুলি আশা কৰিছে সকলোৱে । আনহাতে মোডী চৰকাৰৰ এই প্লেনৰ আধাৰত কেৱল সংসদেই নহয় বৰঞ্চ কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰণালয় আৰু বিভাগো জৰিত হৈ আছে ৷

উল্লেখযোগ্য যে পূৰ্বৰ সংসদ ভৱনটো ১৯১১ত নিৰ্মাণ হ’বলৈ আৰম্ভ কৰিছিল আৰু সংসদত ভৱনটো উদঘাটন হয় ১৯২৭ত ৷ কিন্তু সাম্প্ৰতিক সময়ত সংসদ ভৱনটোৰ বহু সমস্যা দেখা যায় । কাৰণ সংসদত মন্ত্ৰীসকলক বহিবৰ কাৰণে চেম্বাৰ আছে ৷ কিন্তু সাংসদ সকলৰ কাৰণে নাই । লগতে বিদ্যুতৰ সংযোজন বহু পুৰণি হৈ গৈছে । যাৰ কাৰণে চৰ্ট চাৰ্কিটৰ সমস্যা হয় ।

Exit mobile version