পাহাৰৰ দ’ খাদ, শিলাময় খৰস্ৰোতা জুৰিৰ বাবেই মৃত্যু সাৱটি লোৱা কাৰ্বি পাহাৰবাসীৰ কৰুণগাঁথা

IMG 20200916 WA0035

মানুহৰ কান্ধৰ ওপৰতে মানুহৰ মৃত্যু হৈছে এইখন অসমত ৷ মাত্ৰ এটা দিনৰ ব্যৱধানত কান্ধৰ ওপৰতে মৃত্যুক সাৱটি লৈছে দুগৰাকীকৈ মানুহে ৷ বছৰটোত নিজৰ প্ৰাণৰ বাবে ভগৱানক কাকূতি মিনতি কৰি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিছে বহুজনে ৷ আন আন মৌলিক প্ৰয়োজনতো বাদেই, সন্তানৰ উচ্চ শিক্ষাও যেন বহুযোজন দূৰৈত ঠাইখনৰ দূৰ্ভগীয়া মানুহখিনিৰ বাবে ৷

ৰোগ মানেই যেন নিশ্চিত মৃত্যু ৷ এয়া এইখন অসমৰে এখন কৰুণ ছবি ৷ ঠাইখনৰ নাম নগাঁও-কাৰ্বিআংলং জিলা সীমান্তৰ পাৰ্বত্য জিলাখনৰ অন্তৰ্গত ৰঙাগড়া ক্লেং-কিচু গাঁও ৷ য’ত চিকিৎসাৰ বাবে মানুহৰ কান্ধত উঠি ৰোগী চিকিৎসালয় পোৱাৰ আদবাটতে আকোঁৱালি লয় কৰুণ মৃত্যুক ৷ এইখন অসমতে দূৰ্গম এই স্থানত সংঘটিত হৈছে এই শোকাবহ ঘটনা ।

একমাত্ৰ পথৰ দুৰৱস্থাৰ বাবেই যোৱা তিনিদিনত মানুহৰ কান্ধতে, পথৰ ওপৰতে প্ৰাণ হেৰুৱাব লগা হৈছে দুজনকৈ লোকে । নগাওঁ-কাৰ্বি আংলং সীমান্তৰ কাৰ্বি আংলঙৰ ৰঙাগড়াৰ ক্লেং-কিচু গাঁৱত এদিন পূৰ্বে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈছিল চন্দ্ৰ তিছু নামৰ লোকজনৰ । অতিপাত বৰষুণৰ মাজতে পথৰ দুৰৱস্থাৰ বাবে কান্ধত চাঙিৰ সহায়ত লোকজনক চিকিৎসালয়লৈ আনি থকা অৱস্থাতে লোকজনে কৰুণ মৃত্যুক সাৱটিব লগা হয় ।

আজি পুনৰ সংঘটিত হ’ল একেই ঘটনা ৷ পুনৰ এগৰাকী ৰুগীয়া ৪৫ বছৰীয়া মহিলাক দুখজনক ভাৱে কান্ধত লৈ পৰিয়ালৰ লগতে গাঁৱৰ লোকে চিকিৎসালয়লৈ আনি থকা অৱস্থাতে মৃত্যুক সাৱটি লয় । ফিৰছ্ তাৰপি নামৰ ৪৫ বছৰীয়া মহিলাগৰাকীয়ে  একেদৰেই মানুহৰ কান্ধতে পাহাৰীয়া পথৰ ওপৰতে কৰুণ মৃত্যুুক সাৱটি ৷

উল্লেখযোগ্য পথৰ দুৰৱস্থাৰ বাবেই সম্প্ৰতি জীয়াতু ভূগিব লগা হৈছে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তীবাসীয়ে । উল্লেখ্য যে কাৰ্বিআংলং পাহাৰীয়া জিলাখন উন্নয়নৰ বাবে বছৰি কোটি কোটি টকা ব্যয় হৈ অহাৰ হিচাপ থকাৰ পিছতো পথৰ বাবেই বছৰটোত এটা অঞ্চলৰে অৰ্ধশতাধিক লোকে ধাৰাবাহিকভাৱে কৰুণ মৃত্যুক সাৱটি লোৱাটো অতি দুখজনক ৷

কাৰ্বিআংলং জিলাত বাস কৰিলেও ভৌগোলিক অৱস্থান আৰু বাটপথৰ সুবিধাৰ ফালৰ পৰা নগাঁও জিলাৰ কলিয়াবৰৰ লগতে সঘনে যোগাযোগ থকা এইসকল লোকে বৰ্তমানে বহুকেইটা পাহাৰৰ খাদ পাৰ হৈ কলিয়াবৰলৈ চিকিৎসাৰ লগতে বজাৰ আৰু শিক্ষাগ্ৰহণৰ বাবে বাটকুৰি বাব লগা হয় ।

পাহাৰখাদৰ দূৰ্গম যাত্ৰা আৰু পাহাৰীয়া জুৰিৰ মাজত পাৰ হ’ব পৰাকৈ স্থানীয় লোকে সাজি লোৱা বাঁহৰ সাঁকোৰ দূৰৱস্থাই এইসকল লোকক জিয়াতু ভোগাইছে ৷

ইফালে এই কৰ’না মহামাৰীৰ জটিল সংক্ৰমণৰ সময়তো কান্ধত ৰোগী লৈ পাহাৰীয়া পথেৰে বাটকুৰি বাই দূৰৰ চিকিৎসালয়লৈ অহাৰ সময়ত আন আন লোকসকলৰ প্ৰাণলৈয়ো ভাবুকি নামি আহিছে ৷ সেয়ে অতি সোনকালে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় লোকসকলে।

Exit mobile version