প্ৰকৃতি ৰক্ষা গছক স্বামী বৰণ কৰিলে ইংলেণ্ডৰ মহিলাই

Screenshot 103
প্ৰকৃতি ৰক্ষাৰ বাবে ইংলেণ্ডৰ এগৰাকী মহিলাই এক অভিনৱ পন্থা গ্ৰহণ কৰিছে । এখন উদ্যান  ধ্বংস কৰি প্ৰশাসনে পথ নিৰ্মাণ কৰিবলৈ যো-জা চলোৱাৰ বিৰুদ্ধাচৰণ কৰি মহিলা গৰাকীয়ে এডাল গছক স্বামী হিচাপে বৰণ কৰিবলৈ লৈছে । ইংলেণ্ডৰ লিভাৰপুলৰ বাসিন্দা ৩৮ বছৰীয়া বছৰীয়া মহিলা গৰাকীয়ে সেউজ উদ্যান খন ৰক্ষা কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰে ।
কেট কানিংহাম নামৰ মহিলাগৰাকীয়ে লিভাৰপুলৰ চেফটন ৰিমৰোজ ভেলী কান্ট্ৰি পাৰ্কত থকা গছ এডালৰে বিবাহ কৰা পাছত ইতিমধ্যে ঘটনাটো সদৰী হৈ পৰিছে । একমাত্ৰ গছৰে স’তে বিবাহ কৰিয়ে প্ৰতিবাদৰ অন্ত পেলোৱা নাই মহিলাগৰাকীয়ে । নিজৰ উপাধি পৰিৱৰ্তন কৰি মহিলা গৰাকীয়ে কেটৰ স’তে  ‘এলডাৰ’ সংলগ্ন কৰি লৈছে ।
কেটে দৈনিক পাঁচবাৰকৈ উদ্যান খনলৈ যায় স্বামীক চাবৰ বাবে । তেওঁৰ আশা এই বিয়া খনে প্ৰকৃতি সুৰক্ষা আন্দোলনক নতুন গতিপথ দিব । কিয়নো বৰ্তমান সমগ্ৰ বিশ্বজুৰি প্ৰকৃতি ৰক্ষা কৰিবলৈ আন্দোলন গঢ়ি তুলাৰ সময় উপস্থিত হৈছে।
Exit mobile version