বিগত ছমাহ ধৰি ভাৰত-চীন সীমান্তত অনুপ্ৰবেশ হোৱা নাইঃ কেন্দ্ৰ

Indian soldiers at LoC

ভাৰত-চীন সীমান্তৰ সংঘৰ্ষৰ মাজতে কেন্দ্ৰীয় চৰকাৰে আজি কয় যে বিগত ছমাহত কোনো অনুপ্ৰবেশকাৰী সীমান্তত প্ৰৱেশ কৰা নাই ৷ ৰাজ্যসভাত বিজেপিৰ সাংসদ অনিল অগ্ৰৱালে প্ৰশ্ন কৰিছিল যে, “বিগত ছমাহত বহু অনুপ্ৰবেশ হৈছে ৷ যদি হৈছে তেন্তে তাক প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কি পদক্ষেপ হাতত লৈছে ?”

এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা লিখিত প্ৰতিবেদন বিচাৰে ৷ ইয়াৰ পিছতেই গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে পাকিস্তানৰ ফালৰ পৰা হোৱা অনুপ্ৰবেশৰ সন্দৰ্ভত সংসদত তথ্য দিয়ে ৷ কিন্তু চীনৰ সন্দৰ্ভত কয়, “বিগত ছমাহত ইণ্ডো চীন সীমান্তত কোনো বিদেশী প্ৰবেশৰ ৰিপৰ্ট দিয়া নাই ।”

আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মংগলবাৰে কয় যে, “চীনৰ ফালে বহু সেনা নিয়োজিত কৰা হৈছে ৷ চীনে কোনো চুক্তিক মানি চলা নাই । ৰাজনাথ সিঙে কয় যে দেশৰ বীৰ জোৱানসকল সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে ৷ আমি আমাৰ চুবুৰীয়া দেশৰ লগত ভাল সম্পৰ্ক ৰাখিব বিচাৰো ৷ কিন্তু চুবুৰীয়া দেশেও এই সন্দৰ্ভত সহমত দিব লাগিব ৷”

চীনৰ ফালৰ পৰা যেতিয়াই আক্ৰমণাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে ৷ চীন প্ৰতিটো মূহুৰ্তত পৰাজয়েই হয় । ইপিনে এপ্ৰিল মাহৰ পৰাই চীনে সৈন্য বৃদ্ধিৰ কাম আৰম্ভ কৰিছে ৷ এই মন্তব্য ৰাজনাথ সিঙৰ । চীনে বহু ঠাই অধিকাৰ কৰিব বিচাৰিছে ৷ ১৫ জুনত গালৱানত হোৱা সংঘৰ্ষত চীনৰ বহু ক্ষতি হ’ল ।

উল্লেখযোগ্য যে ভাৰত-চীন সীমান্ত সন্দৰ্ভত সংসদত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এইয়া জটিল বিষয় ৷ বুজাবুজিৰে সমস্যা সমাধান কৰাটো প্ৰয়োজন । সীমান্তক লৈ সকলোৰে নিজৰ নিজৰ দৃষ্টি ।

Exit mobile version