ভাৰতত প্ৰৱেশ কৰি ভাৰতৰে মাছমৰীয়াক বন্দী কৰি লৈ গ’ল পাকিস্তানী জল সেনাই

WhatsApp Image 2020 09 16 at 7.20.57 PM

ভাৰত-চীনৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে আজি পাকিস্তানৰ জল সেনাই ভাৰতীয় জল সেনাত প্ৰৱেশ কৰি ৪৫ জন মাছমৰীয়াক নিজৰ লগত লৈ যায় ৷ শেহতীয়া তথ্য অনুসৰি সকলো মাছমৰীয়া সম্প্ৰতি কৰাছীৰ কাৰাগাৰত আছে ৷

পাকিস্তানৰ জল সেনাৰ এই কাণ্ডৰ পিছতে গুজৰাটৰ মাছমৰীয়াসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ আৰু তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে ।

ইপিনে পাকিস্তানৰ সেনাৰ পৰা যেনেতেনে বাছি অহা এজন মাছমৰীয়াই কয় যে তেওঁলোকে ভাৰতীয় জল সীমাতে মাছ ধৰি আছিল । তেনে সময়তে পাকিস্তানী জল সেনাই তেওঁলোকৰ লগৰ মাছমৰীয়া কেইজনক বন্দী কৰি নিজৰ লগত লৈ যায় ।

আনহাতে মাছমৰীয়াসকলৰ লগত হোৱা পাকিস্তানৰ কাণ্ড এয়াই প্ৰথম নহয় ৷ পূৰ্বতেও ১৭ জন মাছমৰীয়াক পাকিস্তান জল সেনাই নিজৰ লগত লৈ গৈছিল । তেওঁলোকো কৰাছী কাৰাগাৰত আছে ৷

উল্লেখযোগ্য যে পাকিস্তানৰ সেনাই দাবী কৰিছে যে মাছমৰীয়াসকল পাকিস্তানৰ সীমাত প্ৰবেশ কৰিছে । চলিত বৰ্ষত ১৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ সেনাই ভাৰতৰ মাছমৰীয়াসকললৈ লক্ষ্য কৰি গুলীয়াইছিল যদিও কথমপিহে ৰক্ষা পৰে তেওঁলোক ৷

Exit mobile version