মান্যতাৰ স’তে ডুবাইলৈ যাত্ৰা অসুস্থ সঞ্জয় দত্তৰ

Screenshot 106 1

শেহতীয়াকৈ বলিউদৰ অভিনেতা সঞ্জয় দত্তৰ অসুস্থতাৰ কথা হয়তো সকলোৱে জানে । বৰ্তমান অভিনেতা গৰাকীয়ে সুস্থ হৈ উঠিবৰ বাবে চিকিৎসা কৰি আছে । ইয়াৰ মাজতে সঞ্জয় দত্তৰ পত্নী মান্যতাই বুধবাৰে সঞ্জয় দত্তৰ স’তে ফ্লাইটেৰে যাত্ৰা কৰা এখন ফটো শ্বেয়াৰ কৰে ।

মান্যতাই কয় যে, তেওঁলোকৰ সন্তান চাহৰাণ আৰু ইকৰাক লগ কৰিবৰ বাবে তেওঁলোক দুয়ো ডুবাইলৈ ৰাওনা হৈছে । মান্যতা তলাবন্ধৰ সময়ছোৱাত দুয়ো সন্তানৰ স’তে ডুবাইত আছিল । কিন্তু বিগত মাহত সঞ্জয় দত্ত অসুস্থ হৈ পৰাত মুম্বাইলৈ আহিছিল মান্যতা ।

সঞ্জয় দত্ত সম্প্ৰতি কামৰ পৰা বিৰতিত আছে আৰু চিকিৎসা চলি আছে। নিজ সন্তানক লগ পোৱাৰ ইচ্ছাৰে ডুবাইলৈ ৰাওনা হৈছে দুয়ো আৰু প্ৰায় এসপ্তাহ বা ১০ দিনৰ অন্তত ঘূৰি অহাৰ সম্ভাৱনা আছে । ‘Enroute Life’ বুলি কেপচন লিখি মান্যতাই  শ্বেয়াৰ কৰে এইখন ফটো-

লগতে মান্যতাই আন এখন ফটো শ্বেয়াৰ কৰে, যিখনত ফ্লাইটত বিশেষ ট্ৰিট পোৱা বুলি উল্লেখ কৰিছে –

আনহাতে, যোৱা মাহত শ্বাসজনিত সমস্যাত ভূগি সঞ্জয় দত্ত মুম্বাইৰ হস্পিতালত ভৰ্তি হৈছিল। স্বাস্থ্যজনিত কাৰণত আগষ্টৰ ১১ তাৰিখে কামৰ পৰা বিৰতি লোৱাৰ কথা প্ৰকাশ কৰিছিল সঞ্জয় দত্তই । বলিউদৰ অভিনেতাজনক শেহতীয়াভাৱে চড়ক-২ ছবিখনত দেখা পোৱা গৈছিল। যিখন যোৱা মাহত ডিজনী হটষ্টাৰত ৰিলিজ দিয়া হৈছিল ।

Shamsheraৰ পাছতেই অভিনেতাগৰাকীৰ মুক্তিপাবলগীয়া ছবিকেইখন হ’ল – KGF-Chapter 2, Torbaaz, Bhuj: The Pride Of India and Prithviraj.

Exit mobile version