লাডাখত ব্যৰ্থ হৈ স্বদেশত তীব্ৰ প্ৰত্যাহ্বানৰ মুখত ৰাষ্ট্ৰপতি জিনপিং

Xi Jinping Reuters L

China Vice-President Xi Jinping stands during a trade agreement ceremony between the two countries at Dublin Castle in Dublin, Ireland February 19, 2012. REUTERS/David Moir (IRELAND - Tags: POLITICS BUSINESS HEADSHOT) - RTR2Y43M

লাডাখত ভাৰত চীন সীমান্তত বিগত কে’বামাহ ধৰি অব্যাহত থকা সংঘৰ্ষমুখৰ পৰিস্থিতিৰ আঁৰত আছে চীনা ৰাষ্ট্ৰপতি জি জিনপিঙৰ কূট কৌশল ।চীনৰ সম্প্ৰসাৰণবাদী মনোভাৱৰ ধ্বজাবাহী জিনপিঙে লাডাখত আগ্ৰাসন চলাই ভাৰতৰ ভূমি বেদখল কৰিবলৈ বিগত মাহবোৰত চেষ্টা চলাই আছে যদিও সষ্টম ভাৰতীয় সেনাৰ আক্ৰমণাত্মক প্ৰতিৰোধৰ বাবে মুখ থেকেচা খাবলগীয়া হৈছে ।ফলত নিজ দেশতে ভেটি হেৰুওৱাৰ উপক্ৰম ঘটিছে জিনপিঙৰ ৷এয়া কোনো ভাৰতীয় বিশেষজ্ঞৰ মন্তব্য নহয় ৷এই ভাষ্য আমেৰিকাৰ নিবাসী চীনা অধিবক্তা,সাংবাদিক গৰ্ডন জি চাঙে ।
লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা ভাৰতীয় সেনাক পিছলৈ ঠেলি পঠিয়াবলৈ চীনৰ ব্যৰ্থতাই এই কথা প্ৰমাণ কৰিছে যে চীনা ৰাষ্ট্ৰপতি জি জিন পিঙৰ কাৰোবাক আতংকিত কৰাৰ ক্ষমতা হ্ৰাস পাইছে । ভাৰত চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ অধিক অঞ্চলত অনুপ্ৰবেশৰ হাইপ্ৰফাইল অপচেষ্টাই চীনা ৰাষ্ট্ৰপতিৰ ভৱিষ্যতলৈ সংকট কঢ়িয়াইছে বুলি মন্তব্য কৰিছে ৷ তেওঁ কয় যে চীনা বাহিনীয়ে অপ্ৰত্যাশিতভাৱে মুখ থেকেচা খোৱা আৰু ভাৰতৰ বিৰুদ্ধে গ্ৰহণ কৰা এইসমূহ আগ্ৰাসী পদক্ষেপৰ মূল পৰিকল্পনাকাৰী হৈছে ৰাষ্ট্ৰপতি জিনপিং ৷ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনা সেনাৰ ব্যৰ্থতাৰ ফলত তেওঁ ভূগিব লাগিব ৷
ইয়াৰ ফলত অৱশ্যে জিনপিঙে আন এক সুযোগ লাভ কৰিব যাৰ জৰিয়তে তেওঁ চীনা সেনাবাহিনীত অনুগতক নিযুক্তি দি শত্ৰু ভাবাপন্নসকলক আঁতৰাব পাৰিব ৷অৱশ্যে চীনা কমিউনিষ্ট পাৰ্টিৰ চেন্ট্ৰেল মিলিটেৰী কমিছনৰ অধ্যক্ষ আৰু পি এল এৰ নেতা জিনপিঙে এই ব্যৰ্থতাৰ ফলত ভাৰতীয় অৱস্থান বিৰুদ্ধে অধিক আগ্ৰাসী পদক্ষেপ ল’বলৈ উৎসাহিত হ’ব ৷এইদৰে চাঙে কয় ।
মনকৰিবলগীয়া যে ক্ষমতা কুক্ষিগত কৰি ৰাখিবলৈ মাও জে ডঙৰ দিনৰে পৰা বন্দুকৰ ওপৰতে ভৰসা কৰি আহিছে চীনা কমিউনিষ্ট পাৰ্টিয়ে ৷বেইজিঙৰ টিয়েনমেন স্কোৱেৰত বুলডেজাৰেৰে ছাত্ৰ আন্দোলনক মষিমূৰ কৰাৰ পৰা আৰম্ভ কৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ গালোৱান উপত্যকাত ভাৰতীয় ভূমি দখলৰ অপচেষ্টালৈ আগ্ৰাসী চীনৰ একে নীতিৰ প্ৰতিফলন ঘটিছে ।অৱশ্যে এইবাৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত অধিক তৎপৰ হৈছে ৰাষ্ট্ৰপতি জিনপিং । সীমান্তত সমুখ সমৰত নামি অৱশেষত শ’লঠেকত পৰিছে জিনপিং ৷ভাৰতে এইদৰে সামৰিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি অনুমান কৰিব পৰা নাছিল চীনে ৷সেয়েহে তেওঁ ৰাজনৈতিক দল বিপদাপন্ন হোৱাৰ পথত ৷
প্ৰাক্তন ভাৰতীয় চোৰাংচোৱা বিষয়া জয়দেৱ ৰাণাডেই কয় যে জিনপিঙৰ বাবে এতিয়া প্ৰয়োজন “বিজয়” আৰু সেয়েহে তেওঁ লাডাখত অধিক সংঘৰ্ষৰ সূচনা কৰিব পাৰে ৷সম্প্ৰতি ৰাণাডেই নতুন দিল্লীস্থিত চেন্টাৰ ফৰ চাইনা এনালাইছিছ এণ্ড ষ্ট্ৰেটেজীৰ মুৰব্বী ৷ৰাণাডেৰ মতে”ভাৰতৰ উচ্চ পৰ্যায়ৰ প্ৰস্তুতি,ভাৰতীয় সেনাৰ সমাবেশৰ সন্মুখত তেওঁ বিচৰা মতে সফলতা লাভ কৰিবনে নাই সেই বিষয়ে জিনপিং আশ্বস্ত নহয় ৷
ইপিনে ভাৰ্জিনিয়াৰ এজন আন্তৰ্জাতিক বিশেষজ্ঞ ৰিচাৰ্ছ ফিছাৰে কয় যে জিনপিঙৰ আভ্যন্তৰীণ সন্ত্ৰাসৰ বলি হোৱাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ পি এল এৰ নেতৃত্বত হাতত আক্ৰমণাত্মক সামৰিক কাৰ্যকলাপ হাতত লোৱাৰ বাহিৰে আন উপায় নাই। আনহাতে চাঙে কয়” দুৰ্ভাগ্যজনকভাৱে এনেবোধ হৈছে যে চীনৰ নেতাজন,যাক অজেয় যেন লাগিছিল এতিয়া তেওঁ আৰু কিবা প্ৰমাণ কৰিব লাগিব৷ফলত তেওঁ ভাৰতক বিচ্ছিন্ন কৰিবলৈ আন এক প্ৰচেষ্টা হাতত ল’বলৈ দৃঢ় ।
Exit mobile version