বন্ধ খামত এ পি এছ চিৰ ফলাফল

apsc
প্ৰশ্নকাকত বিসংগতিকে ধৰি ব্যাপক খেলিমেলিৰ অন্তত অসম লোকসেৱা আয়োগ (এ পি এছ চি)য়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত বন্ধ খামত দাখিল কৰে ২০১৮ ৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ ফলাফল । ভূক্তভোগী প্ৰাৰ্থী চৈয়দা মিশালী নাজা আৰু অন্যান্যই দাখিল কৰা ৩২২৪/২০১৯ আৰু এপিএছচিয়ে দাখিল কৰা ১৩৬৪/২০২০ নম্বৰ আই এ(চি) আবেদনৰ শুনানিৰ সময়ত বন্ধ খামত দাখিল কৰা ফলাফলৰ প্ৰতিলিপি এমিকাছ কিউৰি (আদালত বান্ধৱ) কো প্ৰদানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ আদালতে লোকসেৱা আয়োগক নিৰ্দেশ দিয়ে ৷
লগতে এই সম্পৰ্কত আবেদনৰ পৰৱৰ্তী শুনানিৰ বাবে অহা ২৩ ছেপ্টেম্বৰৰ দিনটো ধাৰ্য কৰে ৷শুনানিৰ অন্তত অধিবক্তা পংকজপ্ৰতীম দত্তই জনোৱা মতে, অসম অসামৰিক আৰু অন্যান্য সেৱাৰ বিভিন্ন পদৰ বাবে ২০১৮ ত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি এপিএছচিয়ে ৯/২০১৮ নম্বৰযোগে ২০১৮ৰ ১৭ মে’ত এক বিজ্ঞাপন প্ৰকাশ কৰে ৷
উক্ত বিজ্ঞাপনৰ আধাৰতে ২০১৮ ৰ ৩০ ডিচেম্বৰত অনুষ্ঠিত প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ২০১৯ৰ ১৩ মাৰ্চত APSCয়ে ঘোষণা কৰে ৷ ঘোষিত ফলাফল অনুসৰি ২০১৮ ৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাত মুঠ ৩৩৬১  জন প্ৰাৰ্থী উত্তীৰ্ণ হয় । ইয়াৰ মাজতে এ পি এছ চিয়ে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে প্ৰাৰম্ভিক পৰীক্ষাৰ এনচাৰ কীসমূহ আয়োগৰ ৱেবছাইট আপলোড কৰে ৷ উক্ত সময়তে প্ৰাৰম্ভিক পৰীক্ষাত হোৱা প্ৰশ্নকাকতৰ ব্যাপক বিসংগতিৰ কথা পোহৰলৈ আহে । ইয়াকে লৈ ব্যাপক চৰ্চা হৈ থকাৰ মাজতে নিজাববীয়াকৈ আৰম্ভ কৰা পুনৰীক্ষণ প্ৰক্ৰিয়াত পুনৰ ৪০৬ জন পৰীক্ষাৰ্থীক এপিএছচিয়ে উত্তীৰ্ণ ঘোষণা কৰে ৷
লগতে ২০১৯ ৰ ১৩ মাৰ্চত ঘোষণা কৰা ফলাফল অনুসৰি এপিএছচিৰ খেলিমেলিৰ বাবে অহৰ্তাহীন ৯৮ জন প্ৰাৰ্থীৰ নাম উত্তীৰ্ণৰ তালিকাত অন্তৰ্ভূক্ত হোৱাটো ধৰা পৰে ৷ ইয়াৰ মাজতে প্ৰশ্নকাকতৰ বিসংগতিৰ বাবে চৈয়দা মিশালী নাজাককে ধৰি ২১ প্ৰাৰ্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায় বিচাৰি ৩২২৪/২০১৯ নম্বৰত এখন লেখ আবেদন দাখিল কৰে ।উক্ত লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ নোহোৱা ২১ প্ৰাৰ্থীৰ এনচাৰ কীসমূহ পুনৰীক্ষণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে এপিএছচিক নিৰ্দেশ দিয়ে ৷
ইয়াৰ ভিত্তিতে সংশ্লিষ্ট এনচাৰ কীসমূহ পুনৰীক্ষণৰ অন্তত আদালতৰ দ্বাৰস্থ হোৱা ২১প্ৰাৰ্থীৰ নজনক উত্তীৰ্ণ ঘোষণা কৰে এপিএছচিয়ে। আৰু বাকী ১২ জনে গোচৰটো চলাই থাকে । পাছত এপিএছচিৰ খেলিমেলিৰ বাবে অৰ্হতাহীনভাৱে প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ৯৮ জন প্ৰাৰ্থীৰ লগতে আদালতৰ দ্বাৰস্থ হোৱা আন ১২জন প্ৰাৰ্থীক মূল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ প্ৰদান কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিয়ে ৷
Exit mobile version