ৰাজস্থানৰ কোটা জিলাৰ চম্বল নদীত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাটোত প্ৰায় ১১ জন লোকৰ মৃত্যু হয় । লগতে ৩ জন লোক এতিয়াও সন্ধানহীন অৱস্থাত আছে । মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে ৬ জন পুৰুষ, ৪ গৰাকী মহিলা আৰু ১ টি শিশু ৷
ইপিনে ২৫ জন লোক উঠাব পৰা নাওখনত ৪০ জন লোক উঠে ৷ লগতে আছিল ১৪ খন বাইক ৷ যাৰ কাৰণে নাওখনৰ দুৰ্ঘটনা সংঘটিত হয় বুলি প্ৰকাশ কৰিছে এক বিশেষ সূত্ৰই । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত স্থানীয় লোকে লোকসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে ৷ কিন্তু নদীখনৰ সোঁত প্ৰবল হোৱাৰ কাৰণে উটি যায় একাংশ লোক ।
ইফালে চাৰিজন যুৱকে প্ৰায় ২৫ জন লোকক উদ্ধাৰ কৰে । তেওঁলোকে কয় যে, নাৱখনৰ কৰ্তৃপক্ষই লোকসকলক নাওত উঠাবলৈ অস্বীকাৰ কৰিছিল যদিও যাত্ৰীসকল অমান্তি হোৱাত সকলোৰে ভৰ সহিব নোৱাৰি দুৰ্ঘটনাটো সংঘটিত হয় ৷