উৎসত নাটনিৰ অজুহাতত বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি অসাধু বেপাৰীৰ

Screenshot 110

খাদ্য আৰু যোগান বিভাগৰ অদক্ষতাৰ সুযোগত অত্যাৱশ্যকীয় তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীা দাম অভাৱনীয় হাৰত বৃদ্ধি কৰি ৰাজ্যৰ বজাৰত অখণ্ড প্ৰতাপ চলাইছে অসাধু বেপাৰী চক্ৰই । ফলত বজাৰলৈ গৈ অত্যাৱশ্যকীয় তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম শুনি ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে দীঘলীয়া তলাবন্ধত অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰা সাধাৰণ জনতাই । শাক-পাচলিৰ ক্ষেত্ৰতেই নহয়, আলু-পিয়াঁজৰ পৰা আৰম্ভ কৰি কণী, মিঠাতেল সকলোতে বৃদ্ধি পাইছে দাম ৷

উৎসত নাটনিৰ অজুহাতত অসাধু চক্ৰই মাত্ৰ এসপ্তাহতে প্ৰতি কুইন্টল আলুৰ দাম তিনিশ টকাৰ পৰা পাঁচশ টকা পৰ্যন্ত বৃদ্ধি কৰে ৷ অথচ ব্যৱসায়ী সন্থাই দাখিল কৰা তথ্যৰ আধাৰতে দামৰ তালিকা প্ৰকাশ কৰি দায়িত্ব সামৰিছে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ৷ইয়াৰ পৰিণাম ভূগিবলগীয়া হৈছে সাধাৰণ জনতাই ৷

নাম প্ৰকাশত অনিচ্ছুক এজন খুচুৰা বিক্ৰেতাই এই কথা অৱগত কৰি জনোৱা মতে, গুৱাহাটী মহানগৰীৰ বজাৰত আগ্ৰা আৰু বেংগলত উৎপাদিত আলুৰ চাহিদা সৰ্বাধিক । বিগত সপ্তাহত আগ্ৰাৰ প্ৰতি কুইন্টল আলু ২৮ শ টকাৰ পৰা তিনি হেজাৰ টকাৰ ভিতৰত ক্ৰয় কৰি খুচুৰা বিক্ৰেতাসকলে ৩৩ টকাৰ পৰা ২৬ টকাৰ ভিতৰত বিক্ৰী কৰিছিল ।

কিন্তু চলিত সপ্তাহত আগ্ৰাৰ প্ৰতি কুইন্টল আলুৰ দাম ৩৫ শ টকালৈ বৃদ্ধি পোৱাত খুচুৰা বিক্ৰেতাসকলে প্ৰতি কিলোগ্ৰাম আলুৰ দাম ৩৮ টকাৰ পৰা ৪১ টকা দামত বিক্ৰী কৰিবলৈ লৈছে । ইয়াৰ প্ৰভাৱ পৰিছে সাধাৰণ জনতাৰ ওপৰত । লগতে বেংগলত প্ৰতি কুইন্টল আলু এসপ্তাহৰ ভিতৰত ২৫ শ টকাৰ পৰা ২৮ শ টকালৈ বৃদ্ধি পায় । ফলত বেংগলৰ প্ৰতি কিলোগ্ৰাম আলু ৩৪ টকাৰ পৰা ৩৬ টকাত বিক্ৰী হোৱা বুলি বেপাৰীজনে কয় ।

একেদৰে প্ৰতি কুইন্টল ৰঙা পিয়াঁজ ৩২ শ টকাৰ পৰা ৩৮ শ টকালৈ বৃদ্ধি পায় । খুচুৰা বজাৰত বৰ্তমানে প্ৰতি কিলোগ্ৰাম ৰঙা পিয়াঁজ ৪২-৪৪টকা দামত বিক্ৰী হৈ আছে ৷ ইফালে মিঠাতেলৰ প্ৰতিটো ব্ৰেণ্ডৰ দাম বৃদ্ধি পোৱা বুলি উল্লেখ কৰে মহানগৰীৰ গণেশগুৰিৰ খুচুৰা বিক্ৰেতা আৰ চৌধুৰীয়ে ।

তেওঁ কয় যে কিছুদিন আগলৈকে প্ৰতি লিটাৰ ধাৰা মিঠাতেল ১২৫ টকা দৰত বিক্ৰী হৈছিল,কিন্তু আজি প্ৰতি লিটাৰ ধাৰা মিঠাতেলৰ দাম ১৩৪ টকা ।ইঞ্জিনৰ প্ৰতি লিটাৰৰ দাম ১৪০ টকাৰ পৰা ১৪৮ টকালৈ। গোকুলৰ এশ টকাৰ পৰা ১১৫ টকালৈ বৃদ্ধি পাইছে ।

আনহাতে কণীৰ দামো ১৪০-১৪৫ টকাৰ পৰা ১৮০ টকালৈ বৃদ্ধি পোৱা বুলি কয় বামুণীমৈদামৰ ব্যৱসায়ী নুৰ মহম্মদে দীঘলীয়া তলাবন্ধৰ সময়ত সন্মুখীন হোৱা ক্ষতিপূৰণৰ বাবে অসাধু বেপাৰী চক্ৰই সম্পূৰ্ণ নিজৰ খেয়াল খুচিমতে বৃদ্ধি কৰিবলৈ লৈছে সা সামগ্ৰীৰ দাম । ফলত সৰ্বসাধাৰণ ৰাইজে ইয়াৰ কুফল ভূগিবলগীয়া হৈছে  ৷

Exit mobile version