কৰ’নাৰ ভেকচিনক লৈ সংসদত সুখবৰটো দিলে কেন্দ্ৰীয় মন্ত্ৰী ডা° হৰ্ষবৰ্ধনে

covishield 1598151509

কৰ’নাৰ ভেকচিন ২০২১ৰ প্ৰথম ভাগতে দেশবাসীয়ে লাভ কৰিব । ৰাজ্যসভাত এই মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্দ্ধনৰ ৷ তেওঁ লগতে কয় যে দেশত বৰ্তমান তিনিটা ভেকচিনৰ পৰীক্ষণে অগ্ৰগতি লাভ কৰিছে ।

আনহাতে ৮ ছেপ্তেম্বৰত ভাৰতত পৰীক্ষণ বন্ধ কৰা কোভিশ্বিল্ড ভেকচিনৰ পৰীক্ষণৰ ক্ষেত্ৰত পুনৰ ছেৰাম ইনষ্টিটিউটে অনুমতি লাভ কৰিছে৷ভাৰতৰ ড্ৰাগছ কন্ট্ৰোলাৰ জেনেৰেলে জাৰি কৰা নতুন নিৰ্দেশনাত ছেৰাম ইনষ্টিটিউটক পুনৰ ভেকচিন বিধৰ পৰীক্ষণ চলাই যাবলৈ অনুমতি দিছে ।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্ধনে বিগত সময়ত সংসদত কৰ’নাৰ কাৰণে লোৱা প্ৰস্তুতিৰ সম্বন্ধে মন্তব্য কৰে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তলাবন্ধৰ কাৰণে ১৪-২৯ লাখ লোক কৰ’নাত আক্ৰান্তৰ পৰা ৰক্ষা পাইছে ৷ বন্দে ভাৰত মিশ্যনৰ জৰিয়তে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ১১ছেপ্টেম্বৰলৈকে ১২,৬৯,১৭২ জন বহিঃদেশত আৱদ্ধ লোকক ভাৰতলৈ অনা হৈছে ।

কৰ’না পৰীক্ষাৰ কাৰণে দেশত ১৭০৫ টা লেবৰটৰী আছে ৷ য’ত কৰ’নাৰ এন্টিজেন আৰু আৰটিপিচিআৰ পৰীক্ষা কৰোৱা হৈছে । ১২ছেপ্টেম্বৰলৈকে দেশত ১৫,২৮৪ ক’ভিড চিকিৎসালয় হৈছে । য’ত ১৩,১৪,৬৪৬ খন আইছ’লেছন বেড আছে ।

আনহাতে স্বাস্থ্য মন্ত্ৰণালয়ৰ অনুসৰি দেশত অক্সিজেন আইছ’লেছন বিচনাৰ সংখ্যা হ’ব ২,৩১,০৯৩খন ৷ আই চি ইউ বিচনা ৩২,৫৭৫ খক ।কোৱাৰেন্টাইন চেন্টাৰ আছে ১২,৮২৬ টা ৷ ইয়াত বিচনা আছে ৫,৯৮,৮১১খন ৷ ড° হৰ্ষবৰ্ধনৰ অনুসৰি সমগ্ৰ বিশ্বত ৩৫ নম্বৰৰ ভেকচিনৰ ট্ৰায়েল হৈ আছে ।

লগতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে কয় যে কেন্দ্ৰীয় চৰকাৰে ৬০,৯৪৮ টা ভেন্টিলেটৰ ক্ৰয় কৰাৰ আদেশ দিছে ৷ লগতে কেন্দ্ৰীয় চৰকাৰে ১,০২,৪০০ অক্সিজেন চিলিণ্ডাৰ ক্ৰয় কৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰদান কৰিছে ৷

Exit mobile version