তলাবন্ধত মৃন্ময় শিল্পীৰ খবৰ ৰাখিছে কোনে?

WhatsApp Image 2020 09 17 at 9.14.55 PM

সমাগত শাৰদীয় দুৰ্গোৎসৱ । কৰ’ণা মহামাৰীৰ বাবে মাৰ্চ মাহৰ পৰা আৰম্ভ হোৱা তলাবন্ধ চাওঁতে চাওঁতে প্ৰায় ছয়মাহত ভৰি দিলে । ইপিনে সংগোপনে আহি পালে কঁহুৱা ফুলা আৰু শেৱালী সৰাৰ বতৰ । শাৰদীয় এই সময়তে অতি ব্যস্ত হৈ পৰা লোকসকলেই হ’ল – মৃন্ময় শিল্পী সকল । আচলতে গণেশ চতুৰ্থীৰ পূৰ্বৰে পৰা ব্যস্ততাই ভিৰ কৰে এইসকল লোকৰ জীৱনত। কিন্তু এতিয়া যেন একপ্ৰকাৰ নিবনুৱা হৈ পৰাৰ উপক্ৰম হৈছে মৃৎ শিল্পীসকল । কিয়নো এইবাৰ শাৰদীয় দুৰ্গোৎসৱ প্ৰতিমাবিহীন ভাৱে আয়োজিত কৰাৰ একাংশ দুৰ্গাপূজা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মহামাৰীৰ লগতে চৰকাৰী বাধা নিষেধৰ বাবেই এতিয়া হতাশাই ঘেৰি ধৰিছে মৃৎ শিল্পীসকলক। বাক্সা জিলাৰ গোৰেশ্বৰৰ এগৰাকী প্ৰবীণ মৃৎ শিল্পী কানাই পালে আজি ত্ৰিশ-চল্লিশ বছৰ ধৰি কে’বাখনো পূজাৰ বাবে নিজ হাতে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি আহিছিল । কিন্তু জীৱনত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে যে এইবাৰ দুৰ্গা গোঁসানীৰ প্ৰতিমা তেওঁ বনাব নালাগে । এই কথাই মন সেমেকাই তুলিছে কানাই পালৰ। আজিলৈ এখনো দুৰ্গা প্ৰতিমাৰ “অৰ্ডাৰ” তেওঁৰ তালৈ অহা নাই । ব্যক্তিগত দুই এখন পূজাৰ মূৰ্ত্তি নিৰ্মাণৰ আগতীয়া অনুমতি পাইছিল যদিও তেওঁলোকেও এতিয়া প্ৰতিমা নালাগে বুলি কৈছে । এই কথাই হতাশ কৰাই নহয় কানাই পালৰ দৰে মৃৎ শিল্পীসকলৰ জীৱন-জীৱিকাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে ।

একেদৰে গোৰেশ্বৰৰ আন এজন যুৱ মৃন্ময় শিল্পী কৃষ্ণ স্বৰ্গীয়াৰীৰো একেই দশা । তেওঁ বিশ্বকৰ্মা পূজাৰ লগতে দুই এটা দুৰ্গা প্ৰতিমাও সাজু কৰিছে যদিও সেয়া গ্ৰাহকৰ অভাৱত ৰৈ যোৱাৰ আশংকা প্ৰকাশ কৰিছে। পৰিয়াল চলোৱাত অসুবিধা হোৱাই নহয় এতিয়া কিদৰে জীয়াই থাকিব তাকো লৈ শংকিত হৈ পৰিছে কৃষ্ণ স্বৰ্গীয়াৰীৰ দৰে মৃন্ময় শিল্পীসকল । এইসকল শিল্পী যিসকলে মাটিৰ সৈতে নিজৰ জীৱন-জীৱিকা একাত্ম কৰি ৰাখে তেওঁলোকৰ খবৰ ল’বলৈ কিন্তু আজি কোনো নাই ।

চৰকাৰে বিভিন্ন জনৰ বাবে আঁচনি গ্ৰহণ কৰে কিন্তু মূৰ্ত্তি নাসাজিলে ঘৰৰ চৌকা নজ্বলা এইসকল মৃৎ শিল্পীৰ কথা চৰকাৰে ভাবিবনে? তলাবন্ধৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এইসকল শিল্পী যিসকল আধ্যাত্মিক দিশৰ সৈতে জড়িত তেওঁলোকৰ জীৱন-জীৱিকা চলাই নিবৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সচেতন মহলে ।

Exit mobile version