ধেমাজিত কৰ’না আক্ৰান্তৰ সংখ্যা ৩,০৯৭ জনলৈ বৃদ্ধিঃ ১৭ জনৰ মৃত্যু

123597 coronavirus 2

ধেমাজি জিলাত ব্যাপক হাৰত কৰ’না ভাইৰাছৰ সংক্ৰমণ হৈছে । এতিয়া লৈকে জিলাখনত মুঠ ৩,০৯৭ জন লোক কৰ’না ভাইৰাছত সংক্ৰমিত হৈছে । ইয়াৰে ২,০৯৮ জন লোক ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠাত তেওঁলোকক নিজ নিজ ঘৰলৈ যাবলৈ দিয়া হৈছে ।

বৰ্তমানেও জিলাখনৰ ক’ভিড-১৯ হাস্পতালসমূহত ৯৮৩ জন ৰোগী চিকিৎসাধীন হৈ আছে । ইয়াৰ ভিতৰৰে একাংশ ৰোগীৰ স্বাস্থ্য সংকটজনক হোৱাত তেওঁলোকক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

জিলাখনত বৰ্তমানলৈকে ক’ভিড-১৯আক্ৰান্ত হৈ ১৭ জন লোকৰ মৃত্যু হৈছে । জিলা স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা মতে বৰ্তমানলৈকে জিলাখনত ৫০,৩৯৬ জন লোকৰ কৰ’না পৰীক্ষা সম্পন্ন হৈছে ।

আজিৰ দিনটোতে জিলাখনত ৩৮ জন লোকৰ শৰীৰত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে । সেয়ে জিলা প্ৰশাসনে সকলো লোককে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহবান কৰে ৷

Exit mobile version