সুস্থিৰ স্বাস্থ্যৰে AIIMSৰ পৰা ঘৰলৈ বুলি গৃহমন্ত্ৰী অমিত শ্বাহ

shah27

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ স্বাস্থ্য সুস্থিৰ হোৱাৰ কাৰণে AIIMSয়ে গৃহমন্ত্ৰী গৰাকী ঘৰলৈ যাবলৈ অনুমতি দিয়ে  ৷ ইপিনে সোমবাৰৰ পৰা গৃহমন্ত্ৰীগৰাকীক সংসদৰ বৰ্ষাকালীন অধিবেশনত দেখিবলৈ পোৱা যাব পাৰে ৷ অমিত শ্বাহ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছত পুনৰ স্বাস্থ্য পৰীক্ষাৰ কাৰণে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লৈ দেওবাৰে AIIMSয়ে সদৰী কৰিছিল যে শ্বাহক সাধাৰণ স্বাস্থ্য পৰীক্ষাৰ কাৰণে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আগন্তুক সংসদীয় অধিবেশনৰ কাৰণে তেওঁক সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে  ৷ গতিকে তেওঁ চিকিৎসালয়তে ১-২দিনত থাকিব ৷

আনহাতে, ইয়াৰ পূৰ্বে ৩১আগষ্টত ৫৫ বছৰীয়া অমিত শ্বাহক AIIMS ৰ পৰা ডিচাৰ্জ কৰি দিয়া হয় । কৰ’নাৰ পৰা সুস্থ হোৱাৰ পিছত ভাগৰ আৰু ডিঙি বিষৰ কাৰণে ১৭ আগষ্টৰ নিশা পুনৰ অমিত শ্বাহক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

উল্লেখযোগ্য যে, অমিত শ্বাহ কৰ’নাত আক্ৰান্ত হৈছিল ২আগষ্টত ৷ ইয়াৰ পাছত চিকিৎসাৰ কাৰণে শ্বাহ গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ১৪ আগষ্টত অমিত শ্বাহৰ কৰ’না ৰিপ’ৰ্ট নিগেটিভ আহে । আৰু তেওঁ ঘৰতে আছুতীয়াকৈ থাকি কাৰ্যালয়ৰ কাম-কাজ কৰি থাকে ৷

Exit mobile version