আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা

17 09 2018 lordvishwakarma17sep18p 184356311600150417069

আজি বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা । কৰ’না সংক্ৰমণৰ মাজতে পুৱাৰ ভাগৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে ।প্ৰত্যেক বাৰৰ দৰে এইবাৰো পৰম্পৰা ৰক্ষা কৰি অনুষ্টুপীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে বিশ্বকৰ্মা পূজা ।

কৰ’নাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসন সমূহে বিভিন্ন পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বহুতো নীতি-নিয়ম বান্ধি দিছে । ক’ভিড প্ৰট’কলৰ লগতে প্ৰশাসনৰ সকলো নীতি নিয়ম মানি সকলো ভক্তকে পূজা অৰ্চনা কৰিবলৈ আহ্বান কৰিছে  প্ৰশাসনে ।

তাৰ ভিতৰত ৰাজহুৱা স্থানত জনসমাগম নিষিদ্ধ কৰা হৈছে, সামাজিক দূৰত্ব বৰ্তাই ৰখা,পূজা আগবঢ়োৱা ঠাইত প্ৰসাদ হিচাপে ৰন্ধা খাদ্য পৰিহাৰ কৰিব পৰা যায় । বিচাৰিলে কেৱল শুকান প্ৰসাদ বিতৰণ আদি বিভিন্ন নীতি নিয়মৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷

Exit mobile version