কৃষি বিল বিৰোধিতাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত প্ৰকাশ : ভুল তথ্যৰে পৰিচালিত কৰা হৈছে কৃষকসকলক

NarendraModiMeeting1

কৃষক বিৰোধী বিলৰ বিৰোধিতা কৰি বিজেপিৰ স’তে মিত্ৰজোঁটত থকা পঞ্জাৱৰ শিৰোমণি আকালি দলৰ নেত্ৰী হৰসিম্ৰত কৌৰ বাদলে নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ‘এইয়া ভুল তথ্যৰে পৰিচালিত কৰা হৈছে ।’

বিহাৰৰ কোশী নদীৰ ওপৰত ৰে’লৱে দলঙৰ উদ্বোধন পাছত ভিডিঅ’ কনফাৰেন্স যোগে নৰেন্দ্ৰ মোদীয়ে কয় যে, কৃষকসকলে সঠিক মূল্য লাভ নকৰে বুলি ভুল তথ্য দিয়া হৈছে । দেশৰ কৃষকসকলৰ ক্ষেত্ৰত চৰকাৰ কিমান সচেতন সেয়া তেওঁলোকে পাহৰি গৈছে ।

লগতে তেওঁ কয় যে, কৃষকৰ পৰা ঘেঁহুকে ধৰি চাউল ইত্যাদি চৰকাৰী এজন্সিয়ে ক্ৰয় নকৰে বুলি ভুৱা বাতৰি বিয়পাই দিয়া হৈছে। এইটো সম্পূৰ্ণ ভুল আৰু মিছা । কৃষকসকলক প্ৰতাৰণা কৰাৰ এয়া এক প্ৰয়াস।”

উল্লেখ্য যে, তিনিখন বিলক লৈ এতিয়া আৰম্ভ হৈছে কৃষক বিক্ষোভ । পঞ্জাৱ, হাৰিয়ানাকে ধৰি মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত চলিছে এই বিক্ষোভ । কৃষকসকলে বিৰোধিতা কৰা তিনিওখন বিল হ’ল- The Farmers’ Produce Trade and Commerce (Promotion and Facilitation) Bill, 2020 The Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Bill, 2020,Essential Commodities (Amendment) Bill.

কৃষকসকলে ফচলৰ নূন্যতম মূল্য নোপোৱা আৰু ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাত এই বিলৰ বিৰোধিতা কৰিছে । তেওঁলোকৰ ধাৰণা- বজাৰৰ পৰা উঠি যাব চৰকাৰী নিয়ন্ত্ৰণ । বিৰোধী দলে এইকেইখন কৃষক বিৰোধী বিল আইন হিচাপে উত্থাপন কৰিছে ।

আনহাতে এই সন্দৰ্ভত মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা হৰসিম্ৰত কৌৰে কয় যে, ‘ষ্টেকহ’ল্ডাৰৰ স’তে প্ৰথমে চৰকাৰে আলোচনা কৰি পৰামৰ্শ লৈ বিলখন পাছ কৰা উচিত। ইয়াত ৰাজনীতি কেনেকৈ হ’ল? কেৱল পঞ্জাৱতেই নহয়, হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত কৃষকসকলে ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিছে। দক্ষিণ ভাৰততো বিৰোধিতা কৰিছে।’

The Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Bill আৰু The Farmers’ Produce Trade and Commerce (Promotion and Facilitation) Bill দুখন বৃহস্পতিবাৰে লোকসভাত পাছ কৰা হয় আৰু ইয়াৰ পাছত ৰাজ্যসভাত উত্থাপন কৰা হ’ব।

আনহাতে চৰকাৰৰ মত যে, ‘প্ৰস্তাৱিত বিলকেইখন ক্ষুদ্ৰ আৰু প্ৰান্তিক কৃষকসকলৰ সহায়ৰ বাবেহে। কৃষকসকলে তেওঁলোকৰ উৎপাদিত শস্য বা সামগ্ৰী অন্য কোনো দেশলৈ প্ৰতিযোগিতামূলক দামত বিক্ৰী কৰিব পাৰিব।’

Exit mobile version