কোকৰাঝাৰত ‘হাগ্ৰামা প্ৰেক্ষাগৃহ’ৰ শুভ উদ্ধোধন

Hagrama Mohilary 1

কোকৰাঝাৰত বিপিএফ কাৰ্যালয়ৰ নৱ নিৰ্মিত ‘হাগ্ৰামা প্ৰেক্ষাগৃহ’ৰ শুভ উদ্বোধন । এই প্ৰেক্ষাগৃহটো উদ্বোধন কৰে বিটিচিৰ প্ৰাক্তন প্ৰধান তথা বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে । লগতে উপস্থিত থাকে বাউখুংগ্ৰী পৰিষদীয় সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী তথা প্ৰাক্তন এম চি এল এ নীৰেন ৰয়, প্ৰাক্তন বি এল টি কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জনমোহন মুছাহাৰী আৰু বি পি এফৰ কে’বাগৰাকীও উচ্চপদস্থ নেতা ।

উক্ত কাৰ্যসূচীৰে সভাতে ইউ পি পি এল, গণ সুৰক্ষা পাৰ্টি দলৰ ১৮৭গৰাকী কৰ্মীয়েও বি পি এফত যোগদান কৰে । এই সভাত হাগ্ৰামা মহিলাৰীয়ে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োকো কটাক্ষ কৰে । বিপিএফৰ মুৰব্বী গৰাকীয়ে কয়, “বঙালী আৰু সংখ্যালঘু সম্প্ৰদায়ৰ লোকে কি যুক্তিত ইউ পি পি এলত যোগদান কৰিব পাৰে ? কিয়নো এন আৰ চিক লৈ এবছু তথা ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে বঙালী আৰু সংখ্যলঘুৰ ওপৰত অভিযোগ কৰিছিল, যিটোৰ বাবে বহুত হাৰাশাস্তিৰ সন্মুখীন হৈছে । প্ৰমোদ বড়োৱে বড়ো জাতিকে প্রবঞ্চনা কৰি আহিছে, বঙালী আৰু সংখ্যলঘুৰ কি কল্যাণমূলক কাম কৰিব ?”

লগতে হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যপালৰ শাসনৰ সময়সীমা বৃদ্ধি কৰিব নালাগে বুলিও উল্লেখ কৰে । তেখেতে কয়, “ছেপ্টেম্বৰ মাহ শেষ হোৱাৰ লগে লগে ৰাজ্যপালৰ শাসন অন্ত পৰিব আৰু ৰাজ্যপালৰ শাসনৰ সময় বৃদ্ধি কৰিব নালাগে । কাৰণ এই ছয়মাহতে বি টি চিত বহুত উন্নয়নমূলক কাম পিছ পৰি গৈছে আৰু ৰাজ্যপালৰ শাসন বৃদ্ধি হোৱা মানে এবছৰ পিছ পৰি যাব ।”

Exit mobile version