খালী আছে ‘লেডিলাভ’ৰ পদ : গৰাকী চিকিৎসক, ২৪x৭ৰ বাবে লগত থাকিব লাগিব

Screenshot 115

‘ডেটিং’ত যোৱাৰ বাবে বায়’ডাটা প্ৰস্তুতৰ এক নতুন ট্রেণ্ড আৰম্ভ হৈছে ।অৱশ্যে ইয়াৰ দ্বাৰা সকলো কথা পূৰ্বৰে পৰা জানি-বুজি লোৱাৰ সুবিধাও থাকে; কিন্তু ডেটিঙত যোৱাৰ বাবে বান্ধৱীৰ সন্ধান কৰিবলৈ কুৱালালামপুৰৰ এজন চিকিৎসকে এখোজ বেছিকৈয়ে অগ্ৰসৰ হৈছে । চিকিৎসকজনে বান্ধৱী সন্ধান কৰাৰ বাবে পদ খালীৰ দৰে শব্দৰ ব্যৱহাৰ কৰাক চৰ্চালৈ আহিছে ।

টুইটাৰত প’ষ্ট্ কৰা নাকিবৰ বিজ্ঞাপনটোক লৈ বহুতে আমোদ লাভ কৰিছে ।বান্ধৱীগৰাকী কেনে হ’ব একমাত্ৰ সেই কথাকে জানিবলৈ বিচৰা নাই নাকিবে । প’ষ্টটোত নিজৰ ভাল লগা, বেয়া লগা সকলো খুটি-নাটি মাৰি জনাইছে চিকিৎসকজনে ।

আনহাতে, যিসকলে নাকিবৰ বিজ্ঞাপনটোৰ প্ৰতি সঁহাৰি জনাই আবেদন কৰিব সেইসকলে কিয় পছন্দ কৰিছে সেই কথাও স্পষ্টভাৱে জনাব লাগিব । সেয়েহে বিজ্ঞাপনটোৰ শীৰ্ষত দিয়া হৈছে ‘আপুনি কিয় মোৰ লগত ডেটিঙত যাব ‘
মনে বিচৰাৰ দৰে বান্ধৱী বিচাৰিলেও সমগ্ৰ ব্যৱস্থাটো যে এটি মাত্ৰ ‘সংস্থান’ হে সেই কথাও স্পষ্ট কৰি দিছে নাকিবে । পদটোৰ নাম দিয়া হৈছে ‘লেডিলাভ’ হিচাপে । যোগ্যতা হিচাপে সৰ্বপ্ৰথমে আবেদনকাৰী হ’ব লাগিব সুশিক্ষিতা । ইয়াৰ লগতে পৰিপূৰ্ণ মানসিকতা আৰু আনুষ্ঠানিক আচাৰ-ব্যৱহাৰ জানিব লাগিব । বান্ধৱীগৰাকীক বেতনো দিয়া হ’ব ।

বেতন হিচাপে প্ৰতিমাহে দিবলগীয়া ধন নিৰ্ভৰ কৰিব বান্ধৱীগৰাকীৰ কামৰ তালিকাখনত কি কি থাকিব ? অৱশ্যে অধিক পৰিশ্ৰমৰ কোনো কাম কৰিব নালাগে নতুন বান্ধৱীয়ে । নাকিবৰ চৰ্ত অনুসৰি বান্ধৱীয়ে দিনটোৰ সকলো সময়তে তেওঁৰ লগত থাকিব লাগিব । তদুপৰি চুক্তিৰ চৰ্ত অনুসৰি নাকিবৰ সকলো কৌতুক শুনিব লাগিব বান্ধৱীয়ে । পৰিয়ালৰ অনুষ্ঠানলৈ যাব লাগিব ।

পাছলৈ অতিৰিক্ত কিছু চৰ্তও সংলগ্ন কৰিব পাৰে বুলি জনাই দিছে নাকিবে।প্ৰথমে সকলো কাম ঠিকে-ঠাকে আগবাঢ়িলেহে এনে অতিৰিক্ত চৰ্তৰ কথা আহিব । পৰৱৰ্তী সময়ত বান্ধৱীৰ চাকৰি নিয়মীয়া হ’ব নে নাই, সেই বিষয়ত কিন্তু নাকিবে কোনো কথাৰ উল্লেখ কৰা নাই ।

Exit mobile version