প্ৰাক্তন আছু নেতা নেকিবুৰ জামানৰ মাতৃ ৰহিমা খাতুনৰ ৮২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি

WhatsApp Image 2020 09 18 at 4.12.32 PM

অসম আন্দোলনৰ নেতা, প্ৰাক্তন আছু নেতা নেকিবুৰ জামানৰ মাতৃ ৰহিমা খাতুনৰ ৮২ বছৰ বয়সত বৃহস্পতিবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে নিশা ১.৩০ বজাত মৃত্যুক আকোৱালি লয় ৰহিমা খাতুনে ৷

মহানগৰীৰ চানমাৰি মিলনপুৰ নিবাসী ৰহিমা খাতুন অসম আন্দোলনৰ সময়ত আন্দোলনকাৰীক যথেষ্ট সহায়-সহযোগ কৰি একপ্ৰকাৰ আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰিছিল ৷ সেই সময়ৰ আছুৰ বহু শীৰ্ষ নেতাক চানমাৰিৰ মিলনপুৰৰ ঘৰত আশ্ৰয় দিয়াৰ লগতে খাদ্যও যোগান ধৰিছিল ৷ এইগৰাকী ৰহিমা খাতুনৰ সন্মুখতে সেই সময়ৰ আছু নেতা তথা অসম আন্দোলনকাৰী পুত্ৰ নেকিবুৰ জামানক অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে অত্যাচাৰ কৰিছিল ৷

সমাজৰ হিতচিন্তক, সৰবৰহী মহিলা ৰহিমা খাতুনৰ মৃত্যুত শোকৰ ছাঁ পৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি বিপুল ৰাভা, প্ৰাক্তন আছু নেতা প্ৰিন্স ফাইজুল হক, ব্ৰজেন ডেকা, নুৰুল হকসহ বহু কেইটা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতাই মিলনপুৰৰ ঘৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰহিমা খাতুনক ৷ তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ সদ্গতি কামনা কৰে আৰু পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷

ইহসংসাৰত নেকিবুৰ জামান সহ চাৰি পুত্ৰ আৰু তিনিগৰাকী জীয়ৰীসহ নাতি-নাতিনী তথা বহু শুভকাংক্ষীক এৰি থৈ যায় খাতুনে ৷ উলুবাৰী কবৰস্থানত আজি সন্ধিয়া ৬.৩০ বজাত সৰবৰহী মহিলা ৰহিমা খাতুনৰ শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

Exit mobile version