মাইকী শ্বাৰ্কসমূহ মতা শ্বাৰ্কতকৈ ধীৰ গতিত বৃদ্ধি পায় আৰু ১৫০ বছৰ পর্যন্ত জীৱিত অৱস্থাত থাকে : বৈজ্ঞানিক

e35g77j0qdamcol7 1600353791

সম্প্ৰতি কৰা এক গৱেষণাৰ ভিত্তিত ১৭ ছেপ্টেম্বৰত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা গৈছে যে, মতা আৰু মাইকী শ্বাৰ্কসমূহ বেলেগ বেলেগ হাৰত বৃদ্ধি পায় । মাইকী শ্বাৰ্কসমূহ মতা শ্বাৰ্কৰ তুলনাত নিম্ন হাৰত বৃদ্ধি পায় কিন্তু মতা শ্বাৰ্কতকৈ অধিক ডাঙৰ হয় । শ্বাৰ্কৰ বৃহৎ অংশ আগফালে আৰু নিম্নাংশ দাগযুক্ত বাদামী ধূসৰ ৰঙৰ মাধ্যমেৰে চিনাক্ত কৰা যায় ।

সমুদ্ৰ বিজ্ঞান ফ্ৰণ্টিয়াৰ্ছত প্ৰকাশিত এক প্ৰতিবেদনৰ উদ্দেশ্যে গৱেষকসকলে ১০ বছৰৰ ব্যৱধানত ৫৪ টা শ্বাৰ্কৰ বিকাশৰ সন্ধান কৰিছিল । গৱেষণাটি অষ্ট্ৰেলিয়াৰ পশ্চিম উপকূলত অৱস্থিত নিঙ্গালু ৰীফত কৰা হৈছিল । বৰ্তমান দীৰ্ঘতম শ্বাৰ্ক হিচাপে জনাজাত শ্বাৰ্কটো ৬০ ফুট অৰ্থাৎ ১৮ মিটাৰ উচ্চতাৰ ।

গৱেষণাৰ ফলস্বৰূপে তেওঁলোকে আৱিষ্কাৰ কৰে যে, লিঙ্গ নিৰ্বিশেষে শ্বাৰ্কৰ কিশোৰ অৱস্থাত বাৰ্ষিক প্ৰায় ৮-১২ ইঞ্চি সৰ্ব্বোচ্চ বৃদ্ধি পায় । লগতে গৱেষকসকলে এইটোও আৱিষ্কাৰ কৰে যে, মতা শ্বাৰ্কসমূহ মাইকী শ্বাৰ্কতকৈ কিছু দ্ৰুতগতিত বাঢ়ে ।

৩০ বছৰ বয়সত মতা শ্বাৰ্কসমূহ ২৬ ফুট অৰ্থাৎ ৪মিটাৰ লৈকে বৃদ্ধি পায় । আনহাতে, মাইকী শ্বাৰ্কসমূহ প্ৰায় ৫০ বছৰ বয়সত ১৪ মিটাৰ অৰ্থাৎ ৪৬ ফুট উচ্চতালৈ বৰ্ধিত হয়। গৱেষসকলে এইটোও অনুমান কৰিছে যে, শ্বাৰ্কসমূহ ১০০ৰ পৰা ১৫০ বছৰলৈ জীৱত অৱস্থাত থাকিব পাৰে ।

Exit mobile version