শীতৰ সময়ছোৱাত কৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিব নেকি?

Coronavirus

সমগ্ৰ বিশ্বতে প্ৰায় ৮ মাহতকৈ অধিক সময় কৰ’না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে । কিন্তু এই পর্যন্ত কৰ’না ভাইৰাছৰ প্ৰতিষেধক লাভ কৰা নাই বিশ্ববাসীয়ে । আশ্চৰ্যকৰ বিষয় যে, সম্প্ৰতি কৰ’না ভাইৰাছে ভয়াবহ ৰূপত সংক্ৰমণৰ সৃষ্টি কৰিছে । এই পৰ্যন্ত সমগ্ৰ বিশ্বত ২৯ মিলিয়ন লোক এই ভাইৰাছত আক্ৰান্ত হৈছে আৰু ৯ লাখতকৈ অধিক লোকৰ মৃত্যু হৈছে ।

ইপিনে, গৱেষকসকলে কৰ’না ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে । কিন্তু এইটো ঠিক যে, সোনকালে সাধাৰণ জনতাৰ ব্যৱহাৰৰ বাবে প্রতিষেধক উপলব্ধ হোৱাৰ সম্ভাৱনা তেনেই কম। জুলাইৰ আৰম্ভণীতে বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী কৰ্মসূচীৰ প্ৰধান মাইক ৰিয়ানে কৈছিল যে, গৱেষকসকলে ক’ভিড-১৯ ৰ প্ৰতিষেধক তৈয়াৰ কৰিবৰ বাবে ভাল অগ্ৰগতি লাভ কৰিছে আৰু ২০২১ৰ আৰম্ভণীলৈ এই প্ৰতিষেধকৰ ব্যৱহাৰ কৰিব পৰা নাযাব ।

ইয়াৰ মাজতে, শীতৰ সময়ছোৱাত মহামাৰীৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰ সম্ভাৱনাৰ উদ্বেগ প্ৰকাশ কৰিছে । সম্ভৱতঃ প্ৰথম অৱস্থাতকৈ বেছি ভয়াবহ হ’ব এই পর্যায়ত । এই ভাইৰাছে শীতৰ তাপমাত্ৰাত কি ৰূপ ল’ব সেয়া কিছু গৱেষকে স্পষ্ট মত প্ৰকাশ কৰিছে । কিছু প্ৰতিবেদনত প্ৰকাশ যে, ঠাণ্ডাত এই ভাইৰাছে বহু সময় ধৰি জীৱিত অৱস্থাত থাকে ।

আনহাতে, দ্য প্ৰিন্টত প্ৰকাশিত এটি প্ৰতিবেদনত Klaus Stohr নামৰ সংক্রামক ৰোগ বিশেষজ্ঞই উল্লেখ কৰিছিল যে, কৰ’না ভাইৰাছ মহামাৰীৰ আচৰণটি শ্বাসজনিত ৰোগতকৈ পৃথক, যিটো সাধাৰণতে শীতৰ সময়ছোৱাত পুনৰ সংক্ৰমণ হয়। Klaus Stohar আগতে বিশ্ব স্বাস্থ্য সংস্থাত কৰ্মৰত আছিল ।

যদি আমি শীতৰ আগতেই এই ভাইৰাছৰ প্ৰতিষেধক লাভ কৰো তেন্তে সমগ্ৰ বিশ্ববাসীয়ে সকাহ লাভ কৰিব । কিন্তু সোনকালেই প্ৰতিষেধক উপলব্ধ হোৱাৰ সম্ভাৱনা প্ৰায় কম।

Exit mobile version