২১ ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ’ব শিক্ষানুষ্ঠানসমূহ

545687 school

কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ আনলক-৪ৰ নীতি নিৰ্দেশনা মানি চলি ২১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যসমূহত শিক্ষানুষ্ঠানসমূহ পুনৰ খুলিবলৈ নিৰ্দেশ দিছে। ২১ ছেপ্টেম্বৰৰ পৰা পুনৰ স্কুলসমূহ আৰম্ভ কৰাটো বাধ্যতামূলক নহয় । দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কৰ’নাৰ সংক্ৰমণৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি কে’বাখনো ৰাজ্যই কেন্দ্রৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল।

শিক্ষানুষ্ঠানত পাঠদানসমূহ পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা ৰাজ্যকেইখন হ’ল –
অসম – সোমবাৰৰ পৰা নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান ১৫ দিনৰ বাবে পুনৰ আৰম্ভ কৰা হ’ব । ইয়াৰ পিছত পৰিস্থিতি পৰ্যালোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।
হাৰিয়ানা – হাৰিয়ানাত ইতিমধ্যে দুখন চৰকাৰী বিদ্যালয় খোলা হৈছে । বেলেগ বেলেগ ৰং কোডৰ সহায়ত কিছুমান সমূহত বিভক্ত কৰি আৰু শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সামাজিক দূৰত্ব বৰ্তাই ৰাখি পাঠদান আৰম্ভ কৰিছে ।
অন্ধ্ৰ প্ৰদেশ- কনটেইনমেণ্ট জ’নৰ বাহিৰে কেৱল চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত পুনৰ পাঠদান আৰম্ভ হ’ব ।

আনহাতে, শুক্ৰবাৰে চৰকাৰে সদৰী কৰে যে দিল্লীত ৫ অক্টোবৰ পৰ্যন্ত শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব । ইয়াৰ আগেয়ে অভিভাৱকৰ অনুমতি সাপেক্ষে নৱম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্রীসকলে শিক্ষানুষ্ঠানত আহিব পাৰিব বুলি নিৰ্দেশ দিছিল যদিও আজি পুনৰ স্পষ্ট কৰি দিয়ে যে, ৫ অক্টোবৰ পৰ্যন্ত দিল্লীত শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব ।

গুজৰাট, উত্তৰ প্ৰদেশ, কেৰেলা, উত্তৰাখণ্ডত পাঠদান আৰম্ভ নহয় । জম্মু আৰু কাশ্মীৰৰ স্কুলসমূহত আংশিকভাৱে ২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা হ’ব ।

শিক্ষানুষ্ঠানসমূহ পুনৰ আৰম্ভ কৰাৰ বাবে কেন্দ্ৰই নতুন গাইডলাইনত সকলো স্কুলতে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ তাপমাত্ৰা জুখিবৰ বাবে স্কুলৰ প্ৰৱেশদ্বাৰত থাৰ্মেল স্কেনাৰ ৰখাটো বাধ্যতামূলক কৰিছে । সম্পূৰ্ণ পৰিষ্কাৰ পৰিচন্নতা , চেনিটাইজাৰ ব্যৱহাৰ আৰু মাস্ক পিন্ধাটো বাধ্যতামূলক। সকলো শিক্ষাৰ্থী যিহেতু ক্লাছত উপস্থিত নাথাকিবও পাৰে তেনে ক্ষেত্ৰত অনলাইন ক্লাছৰ ব্যৱস্থাও জাৰি ৰাখিব ।

Exit mobile version