গোলাঘাট ক’ভিড চিকিৎসালয়ৰ পৰা অৰ্ন্তধান ক’ভিড আক্ৰান্ত ৰোগী

36a651d8 5cca 4129 a77f 705061276acb

গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীনস্থ গোলাঘাট ক’ভিড চিকিৎসালয়ৰ পৰা চিকিৎসাধীন অৱস্থাত থকা এজন ক’ভিড আক্ৰান্ত ৰোগী অৰ্ন্তধান হোৱা ঘটনাই আজি চাঞ্চল্যৰ সৃষ্টি কৰে । গোলাঘাট জিলাৰ কমাৰবন্ধা বামুণ গাঁৱৰ কৰ্ণ তাঁতী (৭০) নামৰ ৰোগীজন অৰ্ন্তধান হোৱা ঘটনাই চিকিৎসালয় কৰ্তৃপক্ষৰ মাজত হাহাঁকাৰ অৱস্থাৰ সৃষ্টি কৰে ‌। অৱশ্যে আশ্বৰ্যকৰ বিষয় যে,ক’ভিড চিকিৎসালয়ৰ চাৰিবেৰৰ মাজৰ পৰা এজন ৰোগী অৰ্ন্তধান হোৱাৰ সন্দৰ্ভত কৰ্তৃপক্ষৰ হাতত কোনো তথ্যই নাছিল ।

চিকিৎসাধীন ক’ভিড আক্ৰান্ত ৰোগীজনৰ পৰিয়ালৰ লোকেহে সমগ্ৰ বিষয়টো আজি পোহৰলৈ আনে । প্ৰাপ্ত তথ্য অনুসৰি আন ৰোগত আক্ৰান্ত কৰ্ণ তাঁতীক যোৱা ১৭ ছেপ্তেম্বৰত তেওঁৰ পুত্ৰ ৰাজেশ তাঁতীয়ে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকৎসাললৈ চিকগৎসাৰ বাবে অনাৰ পাচত চিকিৎসকে প্ৰথমতে ক’ভিড পৰীক্ষা কৰাৰ পৰামৰ্শ আগবঢ়ায় ।

সেই আনুসৰি পুত্ৰ ৰাজেশ তাঁতীয়ে পিতৃৰ ক’ভিড পৰীক্ষা কৰোৱাত পিতৃ কৰ্ণ তাঁতীৰ দেহত ক’ভিড১৯ ধৰা পৰে । গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা ১০৮ যোগে লগে-লগে গোলাঘাট ক’ভিড চিকিৎসালত ভৰ্তি কৰোৱা হয় আক্ৰান্ত লোকজনক । কিন্তু আজি পুত্ৰ আৰু পৰিয়ালৰ লোকে কৰ্ণ তাঁতীৰ স্বাস্থ্যৰ খবৰ কৰিবলৈ আহি হতভম্ব হৈ পৰে।

পিতৃৰ খবৰ কৰিবলৈ অহা পুত্ৰ আৰু পৰিয়ালে ক’ভিড চিকৎসালয়ত খবৰ লোৱাত পিতৃ চিকিৎসালয়ত নাই বুলি তথ্য লাভ কৰে । ঘটনাৰ সবিশেষ জানিবলৈ পুত্ৰ আৰু পৰিয়ালৰ লোকে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃসূৰেণ তামূলীৰ কাষ চপাত কোনো সুদুত্তৰ লাভ কৰিবলৈ সক্ষম নহ’ল ।

লক্ষ্যনীয় বিষয় যে, ক’ভিড চিকৎসালয়ৰ চাৰিবেৰৰ মাজত নিৰাপত্তামূলক ব্যৱস্থাৰ মাজত চিকিৎসাধীন হৈ থকা ৰোগীজন অৰ্ন্তধান হোৱাৰ কথা কথা গমকে নাপায় চিকিৎসালয় কৰ্তৃপক্ষই । অৱশ্যে অৱশেষত উন্মোচিত হয় প্ৰকৃত ৰহস্য ।

ক’ভিড-১৯ ভাইৰাছ ধৰা পৰাৰ পাছত গোলাঘাট ক’ভিড চিকিৎসালয়ত ভৰ্তি কৰে যদিও কোনোবা তলকত যোৱা ১৭ ছেপ্তেম্বৰত ক’ভিড চিকিৎসালয়ৰ কোঠাৰ পৰা চিকিৎসাধীন হৈ থকা কৰ্ণ তাঁতী ওলাই গৈ প্ৰায় ১০ কিলোমিটাৰ নিলগৰ ৰঙাজানস্থিত বিবাহিত কন্যাৰ ঘৰ পায়গৈ । কিন্তু ৰোগীজনে এনেদৰে চিকিৎসালয়ৰ কোঠাৰ পৰা পলায়ন কৰাৰ পাছতো গমকে নাপায় চিকিৎসালয় কৰ্তৃপক্ষই ।

আজি কৰ্ণ তাঁতীৰ পুত্ৰ,বোৱাৰী,আত্মীয়ই প্ৰয়োজনীয় সামগ্ৰী দিবলৈ আহি চিকিৎসালয় চৌহদত উপস্থিত হোৱাৰ পাচতহে কৰ্ণ তাঁতী চিকিৎসালয়খনৰ পৰা অৰ্ন্তধান হোৱাৰ তথ্য উন্মোচিত হয়।ইয়াৰ পাছত চিকিৎসালয় কৰ্তৃপক্ষ আৰু পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাত ৰঙাজানৰ কন্যাৰ ঘৰত নাটকীয়ভাৱে আৱিস্কৃত হয় ।

অৱশেষত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই ১০৮ এম্বুলেঞ্চৰ জৰিয়তে ক’ভিড আক্ৰান্ত কৰ্ণ তাঁতীক ৰঙাজানৰ কন্যাৰ ঘৰৰ পৰা আনি ইতিমধ্যে গোলাঘাট ক’ভিড চিকিৎসালয়ত পুনৰ ভৰ্তি কৰিছে । এনে ঘটনাই গোলাঘাট ক’ভিড চিকিৎসালয়ৰ প্ৰশাসনীয় দিশৰ চৰম দায়িত্বজ্ঞানহীনতাকো উদঙাই দেখুওৱা বুলিও একাংশই মন্তব্য কৰিছে ।

Exit mobile version