জম্মু কাশ্মীৰলৈ ১,৩৫০ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা উপ ৰাজ্যপালৰ

1501685250 0948

কৰ’না ভাইৰাছৰ কাৰণে প্ৰচুৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱা জম্মু কাশ্মীৰৰ উদ্যোগৰ কাৰণে উপ ৰাজ্যপাল মনোজ সিন্হাই ১,৩৫০ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছে।উপ ৰাজ্যপাল সিন্হাই কয় যে উদ্যোগসমূহে সন্মুখীন হোৱা আৰ্থিক অনাটনৰ সময়ত লোকসকলৰ কাৰণে ১৩৫০ কোটি টকাৰ পেকেজ ঘোষণা কৰিবলৈ পায় সুখী অনুভৱ কৰিছে ৷ লগতে সিন্হাই কয় এই পেকেজ হ’ব আত্মনিৰ্ভৰশীল ভাৰতৰ এক অংশ।

ANI ৰ মতে উপৰাজ্যপাল মনোজ সিন্হাই কয় ” আমি চলিত বিত্তীয় বৰ্ষত ব্যৱসায়ৰ লগত জড়িত লোণসমূহৰ কৰ ৫ শতাংশ হ্ৰাস কৰিবলৈ সিদ্ধান্ত লৈছো ।এই সিদ্ধান্ত হ’ব অনাগত ৬ মাহৰ কাৰণে। ইয়াৰ দ্বাৰা ব্যৱসায়ীসকলৰ লাভ হ’ব। আৰু নতুন নিযুক্তিৰ ক্ষেত্ৰতো সহায়ক হ’ব ।”

লগতে উপ ৰাজ্যপাল সিন্হাই কয় ” অনাগত একবছৰৰ কাৰণে বিদুৎ আৰু পানীৰ বিলত ৫০ শতাংশ ৰেহাই দিয়া হ’ব। পৰ্যটন ক্ষেত্ৰত লোকসকলক বিত্তীয়ভাৱে সহায় কৰিবলৈ জম্মু কাশ্মীৰৰ বেংকত “স্বাস্থ্য পৰ্যটন”আঁচনি প্ৰস্তুত কৰা হ’ব।

Exit mobile version