তলাবন্ধত জীৱিকা হেৰুৱালে ৬৬ লাখ অভিযন্তা-চিকিৎসক শিক্ষকে

06 03 2020 17 25 16 353677

ANI_20200306081

দেশত ৬৬ লক্ষাধিক প্ৰতিষ্ঠানিক কৰ্মীয়ে হেৰুৱালে চাকৰি ৷দেশৰ এই ৬৬ লাখ অভিযন্তা,চিকিৎসক,শিক্ষক,গাণনিক আৰু বিশ্লেষককে ধৰি আগশাৰীৰ জীৱিকাধাৰীয়ে মে’ৰ পৰা আগষ্টৰ ভিতৰতে জীৱিকাহীন হৈ পৰিল ৷

ভাৰতীয় অৰ্থনীতিৰ নিৰীক্ষক সংস্থা চেন্টাৰ ফ’ৰ মণিটৰিং ইণ্ডিয়ান ইক’নমীয়ে(CMIE)এই তথ্য প্ৰকাশ কৰিছে ৷ধাৰাবাহিক তলাবন্ধই বিপৰ্যস্ত কৰি তোলা অৰ্থনৈতিক উভতনি যাত্ৰা,নিবনুৱা প্ৰকল্পৰ বাবে এইদৰে সংস্থাপন হেৰুৱাইছে লক্ষ লক্ষ ভাৰতীয়ই ৷জুনৰ পৰা অৰ্থনৈতিক কাৰ্যকলাপ আৰম্ভ কৰা হ’লেও পৰিস্থিতিৰ উন্নতি এই পৰ্যন্ত হোৱা নাই।

২০১৬ ৰ পৰা আগশাৰীৰ পদবীধাৰী চাকৰিৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। CMIE ৰ মতে ২০১৬ ৰ জানুৱাৰী এপ্ৰিলৰ সময়ছোৱাত প্ৰায় ১২.৫০ লাখ আগশাৰীৰ পেছাদাৰী কৰ্মীয়ে জীৱিকা লাভ কৰে ।২০১৯ ৰ মে’ আগষ্টত ই শীৰ্ষত আৰোহণ কৰি এনে পেছাদাৰী জীৱিকাধাৰীৰ সংখ্যা ১৮.৮০ লাখ হয় আৰু ২০১৯ ৰ ছেপ্টেম্বৰ-ডিচেম্বৰত ১৮.৭০ লাখত স্থিৰ হৈ ৰয়।

২০২০ ৰ জানুৱাৰী এপ্ৰিলত ই ১৮.১০ লাখলৈ অৱনমিত হয় ।এই ক্ষেত্ৰত তলাবন্ধৰ আংশিক প্ৰভাৱ পৰে ৷২০২০ ৰ মে’ আগষ্টৰ সময়ছোৱাত এইসকল পেছাদাৰীভাৱে দক্ষ শিক্ষিত লোকৰ সংখ্যা ১২.২০ লাখলৈ অৱনমিত হয় ।বিগত চাৰি বছৰত এইসকল লোকৰ নিয়োজনত লাভ কৰা সকলো সফলতা তলাবন্ধ কালত নিশ্ছহ্ন হ’ল।

CMIE ৰ প্ৰতিবেদনত এইদৰে কোৱা হয় ৷উল্লেখযোগ্য যে ২০২০ ৰ মে’ আগষ্টৰ মাজত পাঁচ লাখ ৯০ হেজাৰে হেৰুৱালে জীৱিকা ।ইয়াৰ পূৰ্বৰ এপ্ৰিলত অন্ত পৰা চাৰি মাহত ৬৬ লাখে জীৱিকা হেৰুৱায়। এই জৰীপৰ মতে বেতনভোগী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত সৰ্ববৃহৎ ক্ষতি হৈছে এনে পেছাদাৰী উচ্চ পদবীধাৰীৰ৷

এইসকলৰ ভিতৰত আছে ইঞ্জিনীয়াৰ,ছফটৱেৰ ইঞ্জিনীয়াৰ,চিকিৎসক,শিক্ষক,গাণনিক বিশ্লেষক ,যিসকল পেছাদাৰী মানসম্পন্ন আৰু কিছুমান চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত। অৱশ্যে সম অৰ্হতাসম্পন্ন সুনিয়োজিত পেছাদাৰী উদ্যোগৰ শ্ৰেণীভুক্ত কৰা হয় ।

এই তলাবন্ধই আনহাতে এনে পেছাদাৰী কেৰাণীৰ চাকৰিক প্ৰভাৱিত কৰা নাই ।ইয়াৰ ভিতৰত আছে সচিবসকল,ডেক্স কৰ্মচাৰী আৰু কাৰ্যালয় কেৰাণীৰ পৰা আৰম্ভ কৰি বি পি অ’,কে পি অ’ কৰ্মী আৰু ডাটা এন্ট্ৰি অপাৰেটৰ ৷তেওঁলোকে এই সময়ছোৱাত ঘৰৰ পৰা কাম কৰিছিল।

২০১৬ ৰ পৰা এই শ্ৰেণীৰ জীৱিকাৰ কোনো বিকাশ হোৱা নাই। ২০১৮ ৰ পৰা ২০২০ লৈ ১৫ নিযুতৰ পৰা ২০২০২ লৈ ১২ নিযুত হয় ।আনহাতে তলাবন্ধৰ প্ৰত্যক্ষ বেতনভোগী কৰ্মচাৰী পাছতে উদ্যোগকৰ্মীসকলৰ ওপৰত মাধমাৰ শোধাইছে।

Exit mobile version