দৰঙী কোচ ৰজাৰ ৰাজহাউলিত এইবাৰো অনুষ্ঠিত হ’ব ৰক্তবৰ্ণৰ দুৰ্গা দেৱীৰ পূজা

159971 durga puja in bengal

পাঁচশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি দৰঙী কোচ ৰজাৰ ৰাজহাউলিত এইবাৰো পালন কৰা হ’ব দুৰ্গা পূজা ।কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত মাস্ক পৰিধান কৰা ,চেনিটাইজাৰ ব্যৱহাৰ কৰা ,সামাজিক দূৰত্ব বৰ্তাই ৰখা আদিৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট সতৰ্কতাৰে পূজা সম্পন্ন কৰা হ’ব ।

প্ৰতিবছৰেই কোচ ৰজাৰ উত্তৰাধিকাৰীসকলে এই দুৰ্গাপূজা অনুষ্ঠিত কৰি আহিছে । ১৬১৬ ত কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা ৰজা ধৰ্মনাৰায়ণৰ দিনৰে পৰা পালন কৰি অহা নীতি- পৰম্পৰা অনুসৰিয়েই পূজা ভাগ অনুষ্ঠিত কৰা হ’ব ।দেৱীৰ পাদপদ্মত নিৰ্মালি দিবলৈ নিৰ্মিত হ’ব ৰক্তবৰ্ণৰ দুৰ্গাদেৱীৰ প্ৰতিমা ।

ৰাজপৰিয়ালৰ সদস্য কুমাৰ দীনেন্দ্ৰ নাৰায়ণ দেৱ আৰু বীণা হাজৰিকা দেৱীয়ে জনোৱা অনুসৰি এইবাৰ এই পূজাভাগত পূৰ্বতকৈও সৰু আকৃতিৰ দেৱীৰ প্ৰতিমা প্ৰতিষ্ঠা কৰা হ’ব ।মহাষষ্ঠীৰ বেলবোধনৰ পৰা আৰম্ভ কৰি পূজাৰ সকলো পৰম্পৰা ৰক্ষা কৰি পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ লগতে শুকনানী ওজাপালিৰে দেৱীৰ বন্দনাৰে মুখৰিত হৈ থাকিব পূজাস্থলী ।

মহা দশমীত দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হ’ব মঙলদৈ নৈৰ নতুনকৈ সজাইপৰাই তোলা কুঁৱৰীঘাটত।উল্লেখ্য যে পাঁচশ বছৰ অতিক্ৰম কৰা এই ৰাজপৰিয়ালৰ পূজা এইবেলিও জাকজমকতাবিহীনভাবে ,কৃত্ৰিমতাবিহীনভাবে আৰু সম্পূৰ্ণ আধ্যাত্মিকতাৰে উদযাপন কৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে।

Exit mobile version