পৰিষ্কাৰ হৈছে আফগানিস্তানৰ দাগ লগা ছবিৰ

f585c2ce f8b2 40e0 9e68 5f4c68751cea

নখ ৰং কৰাৰ বাবে নেইলপলিচ লগোৱাৰ দোষত চাবুকৰ কোব খাবলগীয়া হৈছিল ফজিয়া কুফি নামৰ আফগান মহিলাগৰাকীয়ে।সেই সময়ত আফগানিস্তানত তালিবানৰ ৰাজত্ব চলিছিল ।বোৰ্খা অবিহনে আন পোছাক পৰিধান কৰি যুৱতী -মহিলাসকলে পথলৈ আহিলে চাবুকৰ কোব খাবলগীয়া হোৱাটো নিশ্চিত আছিল।

কিন্তু পৰিস্থিতিৰ এতিয়া ক্ৰমে পৰিৱৰ্তন হৈছে।আফগানিস্তানৰ এনে কলংকিত ছবিখন ২০২০ ত কিছু পৰিষ্কাৰ হৈছে।এতিয়া নৃশংস তালিবানৰ লগতে আফগান চৰকাৰে শান্তি আলোচনাত বহিছে ।এই আলোচনাত নিজৰ বাবে স্থান উলিয়াই লৈছে ফজিয়া কুফিয়ে।লগত আছে আৰু তিনিগৰাকী আফগান নাৰী ফতিমা গৈলানি ,হাবিবা চাৰাবি আৰু চৰিফা জুৰমাতি ।নিজৰ নিজৰ যোগ্যতাৰ বলত শান্তি আলোচনাত আফগান চৰকাৰৰ ১৭ জন পুৰুষ প্ৰতিনিধিৰ কাষত বহিবলৈ সক্ষম হৈছে মহিলাকেইগৰাকী ।

ফজিয়া কুফিৰ ওপৰত এতিয়ালৈ দুবাৰ আক্ৰমণ সংঘটিত হৈছে।কাবুল তথা আন বৃহৎ চহৰত ছোৱালীবিলাকে পঢ়া -শুনাৰো সুযোগ লাভ কৰিছে ।নিজৰ পছন্দৰ বৃত্তিও বাছনি কৰি ল’বলৈ সক্ষম হৈছে;কিন্তু দেশখনৰ গাঁও অঞ্চলবিলাক এতিয়াও বহুখিনি পিছ পৰি আছে ।আফগানিস্তানৰ গাঁৱৰ ছবিখনো পৰিৱৰ্তন কৰিব বিচাৰিছে এইসকল মহিলাই।

তালিবানৰ শাসনৰ সময়ত নিজৰ দেশ এৰি পাকিস্তানত গৈ আশ্ৰয় ল’বলগীয়া হৈছিল হাবিবা চাৰাবিকে ।এই অতিশয‍্যৰ সন্মুখীন হৈছিল একমাত্ৰ শিক্ষয়িত্ৰীৰূপে কাম কৰাৰ বাবে ।তালিবানৰ শাসনৰ পাছত হাবিবাই দেশলৈ উভতি আহি প্ৰথম প্ৰাদেশিক গৱৰ্ণৰ হয় ।দুবাৰকৈ মন্ত্ৰীও হয় ।অৱশ্যে বৰ্তমানেও তালিবানৰ নেতৃত্বত থকাসকলৰ মনোভাৱৰ পৰিৱৰ্তন হৈছে বুলি বিশ্বাস নকৰে হাবিবা চাৰাবিকে ।তথাপি যোৱা শনিবাৰৰ পৰা আৰম্ভ হোৱা শান্তি আলোচনাক কিছু সাৰ্থক বুলি আখ্যা দিছে মহিলাগৰাকীয়ে ।

Exit mobile version