বিগত আঠমাহত ৩,১৮৬ বাৰ যুদ্ধ বিৰতি উলংঘা কৰিছে পাকিস্তানে

5e95272d09814

An Indian army soldier takes up a position near the site of a gunbattle between Indian army soldiers and rebels inside an army brigade headquarters near the border with Pakistan, known as the Line of Control (LoC), in Uri on September 18, 2016. Militants armed with guns and grenades killed 17 soldiers in a raid September 18 on an army base in Indian-administered Kashmir, the worst such attack for more than a decade in the disputed Himalayan region. / AFP PHOTO / TAUSEEF MUSTAFA

ভাৰত-চীন সীমান্তৰ উত্তেজনাৰ মাজতে পাকিস্তানে বিগত আঠ মাহত জম্মু কাশ্মীৰত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ৩.১৮৬ বাৰ যুদ্ধবিৰতি উলংঘা কৰিছে। সংসদত এই তথ্য প্ৰকাশ কৰিছে চৰকাৰে ৷ বিগত ১৭ বছৰে চলিত বৰ্ষত সকলোতকৈ অধিক যুদ্ধ বিৰতি উলংঘা কৰিছে পাকিস্তানে ।

২০০৩ ত তৎকালীন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ যুদ্ধ বিৰতিৰ চুক্তি ভংগ কৰিছিল ৷যুদ্ধ বিৰতি উলংঘাৰ ওপৰিও ১ জানুৱাৰীৰ পৰা ৩১ আগষ্টলৈকে জম্মুত আন্তৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত ২৪২ বাৰ ক্ৰচ বৰ্ডাৰ গুলীচালনাৰ ঘটনাও সংঘটিত হৈছে ।ৰাজ্যসভাত এই তথ্য দিয়ে প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী শ্ৰীপদ নাইকে ৷

অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰী নাইকে কয় যে যেতিয়াই এনে ধৰণৰ ঘটনা সংঘটিত হৈছে তেতিয়াই ভাৰতীয় সেনাই উচিত প্ৰত্যুত্তৰ দিছে ৷চলিত বৰ্ষত যুদ্ধ বিৰতি উলংঘনৰ কাৰণে ভাৰতীয় সেনাৰ ৮ জন সেনা ছহিদ হয় আৰু দুজন আহত হৈছে ।

১৮ ছেপ্টেম্বৰত বিয়লি পাকিস্তানৰ ফালৰ পৰা কৰা গুলীচালনাত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত থকা এখন গাঁৱৰ এগৰাকী মহিলাৰ শৰীৰত গুলী লগাৰ কাৰণে আহত হয় মহিলাগৰাকী ৷চলিত বৰ্ষৰ জুনলৈকে অৰ্থা বছৰটোৰ আৰম্ভণিৰে পৰা প্ৰায় ২,৪৩২ বাৰ যুদ্ধ বিৰতি উলংঘন হয় ।অৱশ্যে পাছলৈ কৰ’না মহামাৰীৰ কাৰণে ইয়াৰ পৰিমাণ কিছু হ্ৰাস হয়। পাকিস্তানত কৰ’নাত প্ৰায় ৩ লাখ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ভাৰতত প্ৰায় ৫৩ লাখ লোক আক্ৰান্ত হৈছে কৰ’নাত ৷

Exit mobile version