ৰাজনীতিৰ লগত জড়িত নহয় অভিনেত্ৰী বৰষা ♦ ঘোষনা কৰিলে তেজপুৰত

19 09 20 Tezpur Barsha inaugural new Sports Restro 3

Actress Barsha Rani Bishaya play billiards during the inaugural new Sports Restro at Tezpur on 19-09-2020.Pix by UB Photos

অসমৰ প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত নহয় বুলি পুনৰ সাংবাদিকৰ আগত ঘোষনা কৰিলে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই।নিজকে অভিনয় আৰু কলাৰ সাধক বুলি ব্যক্ত কৰি অভিনেত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত আৰু বহু কৰিবলগীয়া আছে বুলি শুক্ৰবাৰে সন্ধিয়া তেজপুৰত এক ক্ৰীড়া বিপনী মুকলি কৰি এই মন্তব্য কৰে ৷

আনহাতে ৰাজনীতিৰ ক্ষেত্ৰত কোনো উত্তৰ দিবলৈ অস্বীকাৰ কৰা অভিনেত্ৰী গৰাকীয়ে নিজে ৰাজনীতিত জড়িত নহও বুলি স্পষ্ট কৰি ৰাইজে বিছাৰিলে তেওঁৰ বাবে ৰাজনীতি এগৰাকী সাঁতুৰিব নজনা মানুহ ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰ দৰে হ’ব বুলি কয়।আনহাতে একাংশ শিল্পীয়ে ৰাজনৈতিক দলত যোগদান কৰা সম্পৰ্কত শিল্পীয়ে ৰাজনীতি কৰিব নালাগে বুলি ক’ত লিখা আছে বুলি সাংবাদিকক ওলোটাই প্ৰশ্ন কৰি জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে যতীন বৰাৰ অভিনয়ৰ প্ৰশংসাত পঞ্চমুখ হৈ যতীন বৰাৰ শেহতীয়া ৰাজনৈতিক স্থিতিৰ বাবে দুখ পোৱা বুলি কয়।

আনহাতে কা সম্পৰ্কে নিজৰ পূৰ্বৰ স্থিতিত অটল অভিনেত্ৰী বৰষাই অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ অবিচ্ছেদ্য অংগ অসমীয়া ছবি বুলি উল্লেখ কৰে। অভিনেত্ৰী গৰাকীয়ে অসম চৰকাৰে তেজপুৰৰ জোনাকী কথাছবি গৃহকে ধৰি অসমৰ কথাছবি গৃহৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ অসমৰ শিল্পী সমাজৰ বহুদিনীয়া দাবী বুলি উল্লেখ কৰি বৰষাই অসম চৰকাৰে কথাছবি গৃহ উন্নয়নৰ বাবে গ্ৰহন কৰা পদক্ষেপক আদৰণি জনায়।

জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত অসম চৰকাৰক নিৰ্বাচনৰ পূৰ্বে অসমীয়া জাতিৰ উত্তৰণৰ কাৰণে কাম কৰাৰো আহ্বান জনায়। আনহতে ক’ভিডত আক্ৰান্তহৈ মৃত্যুক সাবতিলোৱা তেজপুৰৰ শিল্পী তৰুণ ওজাৰ পৰিয়াললৈ আৰ্থিক সহায় আগবঢ়াবলৈও অসম চৰকাৰৰ প্ৰতি আহ্বান জনালে বৰষাই।

Exit mobile version