আপোনাৰ দৈনন্দিন খাদ্যতালিকাত অন্তৰ্ভুক্ত কৰক ভিটামিন চি, ভিটামিন ডি বাহিৰেও জিংক আৰু ভিটামিন ই

Vitamin C 1200x628 facebook

কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতেই ত্ৰাসৰ সৃষ্টি কৰিছে । এই মহামাৰীৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে সামাজিক ব্যৱধান মানি চলিবলৈ স্বাস্থ্য বিভাগে পৰামৰ্শ দিছে । ইয়াৰ উপৰিও এই মহামাৰীৰ লগত যুজঁ দিবলৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ’বৰ বাবে পুষ্টিকৰ খাদ্য খোৱাৰ পৰামৰ্শ দিছে চিকিৎসকে ।

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এইকেইবিধ ভিটামিন দৈনন্দিন গ্ৰহণ কৰাটো খুবেই দৰকাৰী-

ভিটামিন চি – কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ভিটামিন চি যুক্ত খাদ্য খাবলৈ পৰামৰ্শ দিছে চিকিৎসকে । ভিটামিন চি এটা শক্তিশালী এন্টিঅক্সিডেন্ট ৰূপে জনা যায় যিয়ে শৰীৰৰ কিছুমান অস্থিৰ যৌগিক পদাৰ্থক নিষ্ক্ৰিয় কৰি পেলায় । ইয়াৰ উপৰিও শৰীৰৰ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াতো এই এন্টি অক্সিডেন্ট সহায় কৰে । প্ৰত্যেক ব্যক্তিয়ে প্ৰতিদিনে ৯০ মি.গ্ৰা ভিটামিন সেৱন কৰাটো প্ৰয়োজনীয় ।

ভিটামিন ডি – ভিটামিন ডি ত থকা ‘এন্টি- ইম্ফামেলটৰী আৰু ইমু‍্যনুৰুগেলৰি’য়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি ত সহায় কৰে ।১বছৰৰ পৰা ৭০ বছৰ বয়সৰ লোকে দৈনিক ৬০০ IU আৰু ৭০ বছৰৰ অধিক বয়সৰ লোকে ৮০০ I U গ্ৰহণ কৰিব লাগে ।

ভিটামিন ই – ভিটামিন ই মানুহৰ শৰীৰত সকলোতকৈ মহত্বপূৰ্ণ মানা যায় ।এই ভিটামিনেও শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । ভিটামিন ই য়ে কেঞ্চাৰৰ কোষ সমূহ ধ্বংস কৰাটো সহায় কৰে । ১৪ বছৰতকৈ অধিক অৱসৰ সকলো লোকে দৈনিক ১৫ মি. গ্ৰা ভিটামিন ই সেৱন কৰাটো প্ৰয়োজনীয় ।

জিংক – জিংকে শৰীৰটো সুস্থ কৰি ৰখাত সহায় কৰে । এই ভিটামিনে মানুহৰ শৰীৰৰ ৩০০ উৎসেচকক সক্ৰিয় কৰে । কোষৰ বিকাশ লগতে ডি এন এ সংশ্লেষণ কৰিবলৈ এই ভিটামিনে সহায় কৰে । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ অনুসৰি প্ৰতিদিনে পুৰুষে ১১ মি. লি আৰু মহিলাই ৮ মি.লি জিংক সেৱন কৰাটো দৰকাৰী ।

Exit mobile version