আমেৰিকাৰ হোৱাইট হাউচলৈ বিষাক্ত লেফাফা প্ৰেৰণ কোনো অজ্ঞাত লোকৰঃ তদন্ত অব্যাহত

200311210846 02 trump oval office address 0311 exlarge 169

আমেৰিকাৰ এটা তদন্তকাৰী সংস্থাৰ মত অনুসৰি কোনো অজ্ঞাত লোকে হোৱাইট হাউচৰ লগতে কিছুমান বিভাগক ৰিচিন নামৰ বিষাক্ত লেফাফা প্ৰেৰণ কৰে ৷ হোৱাইট হাউচৰ এজন বিষয়াই এই সন্দৰ্ভত কয় যে “তদন্তকাৰী সংস্থাসমূহ ৰিচিনৰ বাহিৰেও হোৱাইট হাউচলৈ অন্য বিষাক্ত কেমিকেল প্ৰেৰণ কৰিছে নেকি, সেয়া জানিবলৈ চেষ্টা কৰি আছে ৷ বিষয়াজনৰ মত অনুসৰি এনে ধৰণৰ কাম কৰিবলৈ স্থানীয় ডাক সেৱাক ব্যৱহাৰ কৰিছে ৷”

ADVERTISEMENT

তদন্তকাৰী সংস্থাসমূহৰ মতে ৰিচিন কেমিকেলৰ এই লেফাফাটো কানাডাৰ পৰা পঠোৱা হৈছে৷অৱশ্যে এই সন্দৰ্ভত কোনো তথ্য ফাদিল কৰা হোৱা নাই ।সকলো লেফাফা দিয়া হৈছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নামত দিয়া হৈছে ৷ ইপিনে ২০১৮ত জিম মেটিছক এনেধৰণৰ বিষাক্ত লেফাফা প্ৰেৰণ কৰা হৈছিল ।

উল্লেখযোগ্য যে আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰস্তুতি থকাৰ মাজতে শেহতীয়াকৈ এনে বহু চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে । শেহতীয়াকৈ আমেৰিকাই হোৱাইট হাউচৰে এগৰাকী উচ্চ পদস্থ বিষয়াই সদৰী কৰা মতে, মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পলৈ প্ৰেৰণ কৰা খাদ্যত বিহ মিহলোৱাৰ এক ঘটনা তেওঁলোকে ধৰা পেলাইছে ।

অৱশ্যে হোৱাইট হাউচৰ কৰ্তৃপক্ষই দুষ্ট চক্ৰৰ এই প্ৰচেষ্টা বিফল কৰে । দুটা পৰীক্ষাৰ অন্তত বিহ মিহলোৱাৰ সন্দৰ্ভত নিশ্চিত হয় কৰ্তৃপক্ষ ৷ আনহাতে কৰ’নাৰ মাজতে ৰাষ্ট্ৰপতিৰ পদৰ বাবে ইতিমধ্যে ব্যাপক প্ৰচাৰ অভিযান চলাইছে আমেৰিকাত ৷

Exit mobile version