ইহলীলা সম্বৰণ কৰিলে কণ্ঠশিল্পী,সুৰকাৰ,অভিনেতা বিভূৰঞ্জন চৌধুৰীয়ে

b016514a 4851 4e8a a667 e91bf27821f3

বিশিষ্ট কণ্ঠশিল্পী,সুৰকাৰ,অভিনেতা বিভূৰঞ্জন চৌধুৰীয়ে আজি ইহলীলা সম্বৰণ কৰে ৷দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বিভূৰঞ্জন চৌধুৰীয়ে আজি ৬.৩০ ত দিছপুৰ পলিক্লিনিকত মৃত্যু হয় ৷ বিভূৰঞ্জন চৌধুৰীৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও শোক প্ৰকাশ কৰিছে ৷

প্ৰয়াত বিভূৰঞ্জন চৌধুৰী আছিল ভাৰতীয় গণ নাট্য সংঘৰ প্ৰাক্তন সম্পাদক। চলচ্চিত্ৰ,নাটক,অনাতাঁৰ কেন্দ্ৰৰ স’তে জড়িত চৌধুৰীয়ে অসমীয়া সংগীতক বিশেষ মাত্ৰা প্ৰদান কৰিছিল।

প্ৰয়াত শিল্পীগৰাকীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ স’তে জড়িত থাকি নৱপ্ৰজন্মক আগুৱাই নিয়াৰ লগতে বিভিন্ন অৱদানেৰে সাংস্কৃতিক জীৱনধাৰাক চহকী কৰি থৈ গৈছে।

Exit mobile version